অসমলৈ ৰাষ্ট্ৰীয় মীন উন্নয়ন ব’ৰ্ডৰ তিনিটিকৈ বঁ‌টা

Major fishery project in dry riverbeds ‘shelved

অসমৰ মীন বিভাগে হাইদৰাবাদত অৱস্থিত ৰাষ্ট্ৰীয় মীন উন্নয়ন ব’ৰ্ডৰ পৰা তিনিটাকৈ বঁ‌টা লাভ কৰিবলৈ সক্ষম হৈছে । অনুপ কুমাৰ শৰ্মাই পাহাৰীয়া আৰু উত্তৰ-পূৱ ভাৰতৰ ৰাজ্যসমূহৰ ভিতৰত শ্ৰেষ্ঠ মীন পালকৰ বঁ‌টা লাভ কৰিছে । এই বঁ‌টাত এখন মানপত্ৰ, শ্বল, স্মাৰকৰ লগতে দুই লাখ টকাৰ আৰ্থিক পুৰস্কাৰ সন্নিৱিষ্ট আছে ।

কামৰূপ মহানগৰ জিলাৰ কলং-কপিলী সমবায় সমিতি লিমিটেডে শ্ৰেষ্ঠ মীন সমবায় সমিতি বিবেচিত হৈছে । পাহাৰীয়া আৰু উত্তৰ-পূৱৰ জিলাসমূহৰ ভিতৰত বঙাইগাঁও জিলাই শ্ৰেষ্ঠ জিলাৰ সন্মান লাভ কৰিছে । ইয়াৰ বাবে এখন মানপত্ৰ, এখন শ্বল, এক স্মাৰক আৰু তিনি লাখ টকাৰ আৰ্থিক পুৰস্কাৰ লাভ কৰিব ।

এই পুৰস্কাৰসমূহ বিশ্ব মীন দিৱস উপলক্ষে উৰিষ্যাৰ ভুৱনেশ্বৰত অৱস্থিত উৰিষ্যা সচিবালয়ৰ কনভেনচন কেন্দ্ৰত অনুষ্ঠিত হ’বলগীয়া এক আড়ম্বৰপূৰ্ণ অনুষ্ঠানত প্ৰদান কৰা হ’ব । মৎস্যপালন, পশুপালন আৰু ডেয়ৰীৰ কেন্দ্ৰীয় মন্ত্ৰী পুৰষোত্তম ৰূপালা, মৎস্যপালন, পশুপালন আৰু ডেয়ৰীৰ ৰাজ্যিক মন্ত্ৰী ড° এল মুৰুগান আৰু মীন বিভাগৰ সচিব ড° সঞ্জীব কুমাৰ বাল্যন, যতীন্দ্ৰ নাথ স্বেইন আৰু অন্যান্য বিশিষ্ট ব্যক্তিসকলে এই পুৰস্কাৰ বিতৰণ অনুষ্ঠানত অংশগ্ৰহণ কৰিব ।

ইতিমধ্যে, অসম চৰকাৰৰ মীন, পৰিৱেশ আৰু বন, আবকাৰী মন্ত্ৰী পৰিমল শুক্লবৈদ্যই বঁ‌টা বিজেতাসকল আৰু বঙাইগাঁ‌ও জিলাৰ মীন বিষয়াসকলক ৰাজ্যলৈ এই সন্মান কঢ়িয়াই অনা বাবে অভিনন্দন জ্ঞাপন কৰিছে ।

Exit mobile version