খেৰণিত পেট্ৰ’ল আৰু ডিজেল ডিপু উদ্বোধন

WhatsApp Image 2021 11 19 at 5.26.15 PM

পশ্চিম কাৰ্বি আংলং জিলাৰ অন্তৰ্গত খেৰণি থাৰ্ৱে-হিদিত শুকুৰবাৰে আনুষ্ঠানিকভাৱে “ইচ্চাৰ কোম্পানীৰ পেট্ৰ’ল পাম্প“ মুকলি কৰে কাৰ্বি আংলং স্বাৱত্ব পৰিষদৰ কাৰ্যবাহী সদস্য মংগলছিং তিমুঙে ৷

সম্প্ৰতি জিলাখনৰ হামৰেণ, বৈঠাংলাংছ আৰু খেৰণিত থকা সাতটাকৈ পেট্ৰ’ল পাম্পৰ বিপৰীতে আজি আনুষ্ঠানিকভাৱে মুকলি কৰা পেট্ৰ’ল পাম্পটো অন্যতম হিচাপে সংযোজন হ’য় ৷

ইপিনে, জিলাখনত দ্ৰুতগতিত বৃদ্ধি পোৱা যান-বাহনৰ সংখ্যাৰ প্ৰতি লক্ষ্য ৰাখি নতুন সংযোজন হোৱা “ইচ্চাৰ পেট্ৰল পাম্প”টোৱে পেট্ৰ’ল আৰু ডিজেলজাত সামগ্ৰীৰ অনাতন বহুখিনি দূৰ হ’ব বুলি উল্লেখ কৰাৰ লগতে উচিত মূল্যত আৰু উচিত মাফ-জোখৰে পেট্ৰ’ল-ডিজেল ৰাইজক প্ৰদান কৰাৰ কথা দোহাৰে ইচ্চাৰ পেট্ৰ’ল পাম্পৰ স্বত্তাধিকাৰী টিমুঙে ৷

এই পেট্ৰ’ল পাম্পটোৰ উদ্ধোধনী কাৰ্যসূচীত হামৰেণ পৰিষদীয় সমষ্টিৰ বিজেপিৰ সভাপতি বীৰেণ টিচ্চ, হামৰেণ গাঁও উন্নয়ন সমিতিৰ অধ্যক্ষ ছাৰমেন ফাংছ’ৰ লগতে বৃহত্তৰ অঞ্চলটোৰ বহু গণ্যমান্য ব্যক্তি উপস্থিত থাকে ।

Exit mobile version