মানৱ অধিকাৰ প্ৰশ্নত চীনত শীতকালীন অলিম্পিক ‘কূটনৈতিক বয়কট’ কৰিব আমেৰিকাই !

45933735 303

আগন্তুক বৰ্ষত চীনত অনুষ্ঠিত শীতকালীন অলিম্পিক কূটনৈতিক বয়কট কৰিব পাৰে আমেৰিকাই । বৃহস্পতিবাৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি জ’ বাইডেনে এই কথা জনায় । চীন চৰকাৰৰ ধাৰাবাহিক মানৱ অধিকাৰ লংঘনৰ বাবেই এই সিদ্ধান্ত গ্ৰহণ কৰিবলগীয়া হ’ব পাৰে বুলি জনাইছে বাইডেনে ।

কূটনৈতিক বয়কটৰ অর্থ হ’ল, আমেৰিকাৰ ক্রীড়াবিদসকলে শীতকালীন অলিম্পিকত অংশ ল’ব । কিন্তু বাইডেন চৰকাৰৰ কোনো প্রতিনিধি অলিম্পিকত উপস্থিত নাথাকিব । বাইডেনৰ ঘোষণা, ‘‘আমেৰিকাৰ ক্রীড়াবিদসকলক প্রভাৱিত নকৰাকৈ আমি চীনৰ অনাধিকাৰ হস্তক্ষেপৰ বৰোধিতা কৰিম । আমি এনে কিছু বিবেচনা কৰিছো ।’’

আমেৰিকাৰ বৈদেশিক দপ্তৰে জনাইছে, ছিনজিংয়ায়ত উইঘুৰ মুছলিমসকলৰ মানৱ অধিকাৰ লংঘনসহ বিভিন্ন ঘটনাৰ বাবে এনে পদক্ষেপ কৰাৰ কথা ভবা হৈছে ।

আগন্তুক ৪-২০ ফেব্ৰুৱাৰীত চীনত শীতকালীন অলিম্পিক অনুষ্ঠিত হ’ব । ৰাজধানী বেজিঙৰ লগতে হেইবেই প্রদেশৰ ঝাংজিয়াকৌ আৰু পার্বত্য অঞ্চল ইয়াংকিঙত বিভিন্ন ক্রীড়া প্রতিযোগিতা হ’ব । বেজিঙেই একমাত্র চহৰ য’ত গ্রীষ্মকালীন আৰু শীতকালীন দুই ধৰণৰ অলিম্পিকেই অনুষ্ঠিত হ’ব ।

Exit mobile version