Kangana Ranaut : লাঠিৰেই শাসন কৰিব লাগিব, প্ৰধানমন্ত্ৰী মোদীৰ সিদ্ধান্তত ক্ষুব্ধ কংগনাই ক’লে, একনায়কতন্ত্রই শ্ৰেষ্ঠ বিকল্প

Kangana Ranaut 1 1

কৃষি আইনৰ পক্ষত আছিল অভিনেত্রী কংগনা ৰণৌত । কিন্তু শুকুৰবাৰে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে সেই আইন প্রত্যাহাৰ কৰাত তেওঁ ৰুষ্ট । প্রকাশ্যতেই ক্ষোভ উজাৰিছে । ইনষ্টাগ্রামত লিখিছে, ‘এইবাৰ পথত নমা মানুহেই দেশৰ আইন নিৰ্ধাৰণ কৰিব নেকি ? নির্বাচিত চৰকাৰ নাই ? যদি সেইটোৱে হয় তেন্তে এই দেশখনো জেহাদি দেশ হৈ গ’ল ।’ কংগনাৰ মত, ইয়াতকৈ লজ্জাজনক একো হ’ব নোৱাৰে ।

শুকুৰবাৰে পুৱা প্রধানমন্ত্রী মোদীয়ে ঘোষণা কৰে, কৃষকসকলৰ স্বার্থত তেওঁ বিতর্কিত তিনি কৃষি আইন প্রত্যাহাৰ কৰাৰ সিদ্ধান্ত লৈছে । ঘটনাক্ৰমে, আজি দেশৰ প্রাক্তন প্রধানমন্ত্রী কংগ্রেছ নেত্রী ইন্দিৰা গান্ধীৰো জন্মদিন আছিল । যাৰ ভূমিকাত এখন ছবিত অভিনয়ো কৰিছে কংগনাই ।

প্ৰধানমন্ত্ৰীৰ সিদ্ধান্তত প্রকাশ্যেই আপত্তি জনাই কংগনাই লিখে, ‘দেশৰ মানুহৰ যদি বোধ নাথাকে তেন্তে তেওঁলোকক লাঠিৰেই শাসন কৰিব লাগিব । এই দেশত সেইটোৱে একমাত্র সমাধান আৰু একনায়কতন্ত্র‌ই শ্ৰেষ্ঠ বিকল্প ।’ ইন্দিৰাৰ ছবি দি কংগনাই লিখিছে, ‘শুভ জন্মদিন মেডাম প্রাইম মিনিষ্টাৰ’ ।

কৃষি আইনক লৈ অৱশ্য প্রথমৰ পৰাই সৰৱ আছিল কংগনা । কৃষকসকলৰ আন্দোলনৰ বিৰুদ্ধে বহুবাৰ মন্তব্যও কৰিছে । এই বিষয়ত দেশৰ বহু তাৰকাৰ স’তে প্রকাশ্যেই টুইট যুদ্ধ হৈছে তেওঁৰ । আনকি যিসকল বিদেশী ব্যক্তিত্ব‌ই ভাৰতৰ কৃষকসকলৰ সমর্থনত সামাজিক মাধ্যমত লিখিছিল তেওঁলোককো কুমন্তব্যৰে আক্রমণৰ অভিযোগ উত্থাপন হৈছিল কংগনাৰ বিৰুদ্ধে । এটা টুইটত আমেৰিকাৰ পপ তাৰকা ৰিহানাক পর্ণ ছবিৰ গায়িকা বুলি মন্তব্য কৰিছিল কংগনাই । তেওঁৰ সেই মন্তব্যৰ বাবে টুইটাৰে কংগনাৰ একাউন্টটো ব্লক কৰি দিয়ে । আজিও টুইটাৰত অভিনেত্রীগৰাকীৰ একাউন্টটো নিষিদ্ধ ।

কংগনাই অৱশ্যে এই নিয়ন্ত্রণত ভয় নকৰে । শুকুৰবাৰে কৃষি আইন প্রত্যাহাৰক লৈ নিজৰ ক্ষোভ ইনষ্টাগ্রামত প্ৰকাশ কৰে । কংগনাই কৃষক আন্দোলনকাৰীসকলক কটাক্ষ কৰি লিখে, ‘দেশখন জেহাদিসকলৰ হৈ গৈছে । আৰু যিসকলে এইটো বিচাৰিছে তেওঁলোকক মোৰ অভিনন্দন ।’

Exit mobile version