আমেৰিকাত অত্যধিক দৰৱ গ্ৰহণৰ ফলত এক লাখ লােকৰ মৃত্যু

kirkland ambulance mo hpMain 20200313

আমেৰিকাত বিগত ১২ মাহত অত্যধিক পৰিমাণত দৰৱ গ্ৰহণৰ ফলত অভিলেখসংখ্যক এক লাখৰাে অধিক লােকৰ মৃত্যু হ’ল।

আমেৰিকাৰ ৰােগ নিয়ন্ত্রণ আৰু প্ৰতিৰােধ কেন্দ্র (চি ডি চি)ৰ তথ্য অনুসৰি, অত্যধিক পৰিমাণত দৰৱ গ্ৰহণৰ ফলত মৃত্যু হােৱা লােকসকলৰ মাজত সর্বাধিকসংখ্যক হৈছে ক’ভিড ৰােগী।

চি ডি চিয়ে যােৱা বুধবাৰে এই সন্দৰ্ভত প্ৰকাশ কৰা পৰিসংখ্যা অনুসৰি, অত্যধিক পৰিমাণত দৰৱ গ্ৰহণৰ পৰিণতিত ২০২০ এপ্রিলৰ পৰা ২০২১ এপ্রিলত সময়ছােৱাত আমেৰিকাত এক লাখৰাে অধিক লােকৰ মৃত্যু হৈছিল।

২০১৯- ২০ বৰ্ষৰ তুলনাত ২০২০-২১ বৰ্ষত অত্যধিক পৰিমাণত দৰৱ গ্ৰহণৰ ফলত মৃত্যুৰ ঘটনা ২৮.৫ শতাংশ দেশখনত বৃদ্ধি পালে।

Exit mobile version