Salt Aternatives:উচ্চ ৰক্তচাপৰ বাবে নিমখ খোৱাত বাধা ?ৰন্ধনত সোৱাদ আনিবলৈ বিকল্প হিচাপে কি ব্যৱহাৰ কৰিব

1637335062 new project 2021 11 19t203712 764

বিশ্ব স্বাস্থ্য সংস্থাই বহু আগতে কৈছিল যে সুস্থ হৈ থাকিবলৈ প্ৰতিদিনে পাঁচ গ্ৰামতকৈ অধিক নিমখ খোৱা উচিত নহয়। ৰন্ধনত কম নিমখ যোগ দিলেও, বিভিন্ন সময়ত সেই মাত্ৰ প্ৰায় অতিক্ৰম কৰেই।

কাৰণ আমি গোটেই দিনটোত যথেষ্ট খাদ্য খাওঁ য’ত অতিৰিক্ত নিমখ থাকে। বিশেষকৈ যিসকলে চিপচ বা অন্যান্য জাংক ফুড খায়, তেওঁলোকৰ শৰীৰত অধিক পৰিমাণে নিমখ যায়।

গতিকে ৰন্ধনত নিমখৰ পৰিমাণ হ্ৰাস কৰাৰ কিছুমান উপায় জনা ভাল। নিমখৰ বিকল্প কি হ’ব পাৰে জানেনে ? চাওঁ আহক

(১)যদি ৰন্ধাত ধনিয়া পাত যোগ কৰে তেতিয়াহলে নিমখৰ পৰিমাণ কম লাগে। চালাড বনোৱাৰ সময়ত নিমখৰ সলনি ধনিয়া পাত দিব পাৰে । ধনিয়া পাতত, আয়ৰন, ভিটামিন কে, ভিটামিন চি আৰু মেগনেছিয়াম থাকে। গতিকে শৰীৰৰ গুৰুত্বপূৰ্ণ পুষ্টিকৰ মূল্যও ইয়াত উপলব্ধ ।

(২) নিমখৰ বিকল্প হিচাপে অৰেগেনোৱেও ভাল কাম কৰে। কণী বইল কৰি খোৱাৰ সময়ত নিমখ দি খায় ? তাৰ সলনি অৰেগেনো দি খাব পাৰে। বহুতো খাদ্যৰ সোৱাদ বঢ়াবলৈ অৰেগেনো দি খায়। অৰেগেনোৱে পাকস্থলী আৰু শ্বাসনলীৰ যত্ন লয়।

(৩) আলু বইল খোৱাৰ সময়ত কেঁচা নিমখৰ মিহলি কৰি খায় নেকি ? তাৰ সলনি ৰোজমেৰী দিব পাৰে। এই সুগন্ধি লতাই মগজু ভাল ৰাখে, স্মৃতিশক্তি বৃদ্ধি কৰে আৰু হজম উন্নত কৰে।ৰোজমেৰী পাত পিহি গুৰি কৰি বিভিন্ন খাদ্যৰ লগত খাব পাৰে ।

(৪) পুদিনা পাতো বিভিন্ন খাদ্যৰ লগত পৰিৱেশন কৰিব পাৰি। এই পাতে যিকোনো খাদ্যৰ সোৱাদ সলনি কৰিব পাৰে। নিমখীয়া খাদ্যৰ উপৰিও, মিঠাই বা চৰবততো পুদিনা ব্যৱহাৰ কৰিব পাৰি। লাচী তৈয়াৰ কৰাৰ সময়ত নিমখৰ সলনি পুদিনা ব্যৱহাৰ কৰিব পাৰে।

(৫) ইটালিয়ান তুলসীয়েও নিমখৰ সলনি উৎকৃষ্ট কাম দিয়ে। তুলসীক সহজে চুপ, নুডলচ বা পিজ্জাৰ জাতীয় কোনো খাদ্যত দিব পাৰি।

Exit mobile version