Iran : শুকাই যোৱা নদীক জীয়াই তোলাৰ দাবীত উত্তপ্ত ইৰান

1637454770 iran protest

য’ত এতিয়া হাতে হাতে প্লেকার্ড-প’ষ্টাৰ লৈ হেজাৰ হেজাৰ লোকে প্রতিবাদ কৰিছে, তাত এসময়ত দেশৰ অন্যতম বৃহৎ নদী বৈছিল ! খৰাং আৰু চৰকাৰী অবহেলাৰ বাবে এতিয়া অৱশ্যে সে স্থান শুকাই গৈছে । পানীৰ চিন-চাপ নাই । জায়ানদেহ্ ৰুদ । প্রদেশখনৰ পৰিচয় এই নদী । যিটো ইস্পাহানৰ মানচিত্রত ঘূৰাই আনিবলৈ পথত নামিছে মধ্য ইৰানৰ এই প্রদেশৰ বাসিন্দাসকলে । প্রশাসনৰ শীর্ষ স্তৰতো এইবাৰ ইয়াৰ চাপ পৰিছে ।

‘ইস্পাহানক তাৰ শ্বাস ঘূৰাই দিয়ক, আমাৰ জায়ানদেহ্‌ ৰুদ আমাক ঘূৰাই দিয়ক’—এই দাবীত গৰজি উঠিছে ইস্পাহান প্রদেশৰ কৃষকসকল । লাহে লাহে অন্যান্য লোকসকলেও যোগ দিব লৈছে । কাৰণ, জায়ানদেহ্‌ ৰুদ শুকাই যোৱাত কেৱল কৃষিৰ ওপৰত প্ৰভাৱ পৰা নাই, ইয়াৰ কুপ্রভাৱ পৰিৱেশৰ ওপৰতো পৰিছে ।

যদিও এয়ে প্রথম নহয় । বহু বছৰ ধৰি ইয়াক লৈ একাধিকবাৰ বিক্ষোভ প্ৰদৰ্শন কৰিছে প্ৰদেশখনৰ কৃষি জীৱিসকলে । চৰকাৰে কাণসাৰ নিদিয়াত উভতি গৈছে । প্ৰতি বছৰে তেওঁলোকে প্ৰতিবাদ কৰে । এইবাৰ বিক্ষোভ কার্যসূচী আৰম্ভ হোৱা প্রায় এসপ্তাহ হৈছে । অৱশ্যে আড়ে আৰু বহৰত বিৰাট আকাৰ লৈছে শুকুৰবাৰে । যি দেখি এইবাৰ দেশৰ ৰাষ্ট্ৰপতিও প্ৰতিবাদৰ বাবে ওলাই আহিছে ।

ইতিমধ্যে পৰিৱেশ বিশেষজ্ঞসকলৰ স’তে নদীৰ প্রাণ ঘূৰাই অনাৰ সন্দৰ্ভত বৈঠকত মিলিত হৈছে ৰাষ্ট্ৰপতি ইব্রাহিম ৰাইছি । উপ-ৰাষ্ট্ৰপতি মহম্মদ মোকবে‌ই ফোনযোগে কথা পাতে বিক্ষোভকাৰীসকলৰ স’তে । বিষয়টো ‘গুৰুত্ব সহকাৰে’ লোৱা হৈছে বুলি আশ্বাস দি জনায়, একাধিক সমাধানৰ কথা ইতিমধ্যে ভবা হৈছে । যদিও সেয়া কি কি সেই বিষয়ত তেওঁ একো জনোৱা নাই ।

দশকৰ পাছত দশক ধৰি খাদ্যৰ বাবে যুঁজিছে ইৰানে । বিগত এক দশকত পৰিস্থিতিয়ে ভয়াবহ আকাৰ লৈছে পশ্চিম এছিয়াৰ এই দেশত । পৰিৱেশবিদসকলে জনাইছে, এই সময়ছোৱাত দেশৰ সকলো প্রদেশতেই কম-বেছি পৰিমাণে খাদ্যৰ প্রভাৱ পৰিছে । ইস্পাহানৰ অন্যতম পৰিচয়, জায়ানদেহ্‌ ৰুদৰ দৰে এখন নদী নিশ্চিহ্ন হৈ যোৱাৰ দৰে নজিৰ সঁচাই বিৰল ।

বিষয়টো যে দেশৰ প্রাক্তন চৰকাৰৰ দৃষ্টিত নাছিল তেনে নহয় । তৎকালীন চৰকাৰেও সমাধান বিচৰাৰ কথা দিছিল । ইৰানৰ ‘ছুপ্রিম কাউন্সিল অৱ ৱাটাৰ’এ ন দফাৰ এটা পৰিকল্পনাও পাছ কৰিছে বুলি শোনিবলৈ পোৱা যায় । আঠ বছৰ আগৰ এই পৰিকল্পনা আজিও বাস্তবায়িত হোৱা নাই । এতিয়া প্রশ্ন, বর্তমান চৰকাৰৰ আশ্বাস বাস্তবায়িত হ’ব নে ? প্রাণ পাই উঠিব নে শুকাই যোৱা নদীখনে ? এই প্ৰশ্নৰ উত্তৰ অৱশ্যে সময়ৰ গহ্বৰত ।

Exit mobile version