কলিয়াভোমোৰা সেঁতুত ভয়ানক দুৰ্ঘটনা :ব্ৰহ্মপুত্ৰতত পৰিল ট্ৰাক

265e7e9f 9828 4b2b 9ab0 6860f8ebc41b

তেজপুৰ নগাওঁ সংযোগী কলিয়াভোমোৰা সেঁতুত লোমহৰ্ষক দুৰ্ঘটনা ৷অন্ধকাৰ সেঁতুৰ ৰেলিং ভাঙি ব্ৰহ্মপুত্ৰত সমাধিস্থ ট্ৰাক৷

পুৱতি নিশা সংঘটিত হৈছে এই দুৰ্ঘটনা৷ট্ৰাকখনৰ চালক হেণ্ডিমেনো ট্ৰাকখনতে থকা বুলি আশংকা৷

সেঁতুৰ ১৩-১৪নম্বৰ খুটাৰ ওপৰত সংঘটিত হৈছে এই দুৰ্ঘটনাটো৷যোৱা সাতবছৰে বিদ্যুত যোগান ব্যাহত হৈ আছে দলংখনৰ প্ৰয়োজনীয় বিদ্যুতচাকিৰ বাবে৷

এই সময়চোৱাত সংঘটিত হৈছে এনে বহুসংখ্যক দুৰ্ঘটনা৷এন ডি আৰ এফ ৰ উদ্ধাৰ অভিযান আৰম্ভ হৈছে য’দিও সন্ধান ওলোৱা নাই ট্ৰাকৰ৷নগাঁও দিশৰ পৰা তেজপুৰ অভিমুখে আহি আছিল ট্ৰাকখন৷

Exit mobile version