কানাডাত পাঁচ-১১ বছৰীয়া শিশুক দিয়া হ’ব ক’ভিডৰ প্রতিষেধক

FILES US HEALTH VIRUS VACCINES 0 1632322489528 1637366924141

কানাডাৰ কৰ’নাৰ পৰা শিশুসকলক সুৰক্ষিত ৰাখিবলৈ সিদ্ধান্ত ল’লে। এতিয়াৰে পৰা দেশখনত পাঁচ-১১ বছৰীয়া শিশুসকলকো ক’ভিডৰ ফাইজাৰৰ প্রতিষেধক দুপালি প্রদান কৰা হ’ব।

কানাডাৰ স্বাস্থ্য বিভাগৰ সূত্রই দেওবাৰে এই কথা প্রকাশ কৰি কয় যে ক’ভিড সর্বাত্মকভাৱে প্ৰতিৰােধ কৰিবলৈ হ’লে শিশুসকলৰ টিকাকৰণ আৰম্ভ কৰাটো অত্যন্ত জৰুৰী হৈছে আৰু সেয়েহে কানাডাৰ চৰকাৰে পাঁচৰ পৰা ১১ বছৰীয়া শিশুসকলক ফাইজাৰৰ দুপালি প্রতিষেধক প্রদানৰ সিদ্ধান্ত লৈছে।

গৱেষকে চলােৱা পৰীক্ষামূলক অধ্যয়নত পাঁচ-১১ বছৰীয়া শিশুৰ মাজত ফাইজাৰৰ প্রতিষেধক ৯০ শতাংশ কৰ’না প্ৰতিৰােধত কার্যকৰী বুলি প্রমাণ লাভ কৰা বুলিও কানাডাৰ স্বাস্থ্য বিভাগে জানিবলৈ দিয়ে।

Exit mobile version