কাৰ্বি পৰিষদৰ নিৰ্বাচক লক্ষ্য কৰি কাৰ্বি পাহাৰত নিৰ্বাচনী ৰণডংকা তুলিৰাম ৰংহাঙৰ

উন্নয়ন-বিকাশৰ স্বাৰ্থত কাৰ্বি আংলঙত পুনৰ বিজেপি চৰকাৰ গঠন কৰিব লাগিব :ৰংহাং

b8581ef0 6e01 415e 85f7 e78bf311f4ac

পশ্চিম কাৰ্বি আংলঙৰ কলঙাত আয়োজন কৰা ভূমি পট্টা বিতৰণি সভাত ভূমি পট্টা বিতৰণ কৰিবলৈ গৈ কাৰ্বি পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে সমাগত কাৰ্বি পৰিষদৰ নিৰ্বাচক লক্ষ্য কৰি কাৰ্বি পাহাৰত বিজেপিৰ নিৰ্বাচনী ৰণশিঙা বজাই ৰাইজৰ মনজয়ৰ চেষ্টা চলোৱা পৰিলক্ষিত হয়।

আয়োজিত সভাত উপস্থিত থকা কে’বা সহস্ৰাধিক ৰাইজক সম্বোধন কৰি আগন্তুক কাৰ্বি পৰিষদৰ নিৰ্বাচনত কাৰ্বি আংলঙৰ “উন্নয়ন-বিকাশৰ স্বাৰ্থত পাহাৰীয়া জিলা দুখনত পুনৰ বিজেপি চৰকাৰ গঠন কৰিব লাগিব” আৰু ইয়াৰ বাবে ৰাইজক সহায় সহযোগিতা আগবঢ়াবলৈ আহ্বান জনায় ৰংহাঙে।

আনহাতে বিৰোধীৰ কটু সমালোচনা, অপপ্ৰচাৰত পতিয়ন নাযাবলৈ আহ্বান জনোৱাৰ বিপৰীতে এ পি এইছ এল চি আৰু কংগ্ৰেছ-এ এছ ডি চি দলৰ ৯৩ পৰিয়ালৰ সদস্যই দল ত্যাগ কৰি আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰোৱাই বিজেপিৰ শক্তি প্ৰদৰ্শন কৰে ৰংহাঙে।

ইয়াৰ পাছতেই ১২২৫ পৰিয়ালৰ মাজত ভূমি পট্টা প্ৰদান কৰাৰ লগতে প্ৰাপ্য হিতাধিকাৰীৰ মাজত চৰকাৰী আঁচনিৰ জৰিয়তে কম্বল আৰু ৰন্ধন চৌকা বিতৰণ কৰে।

আয়োজিত সভাত কাৰ্বি পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ বিপৰীতে পশ্চিম কাৰ্বি আংলং বিজেপি জিলা সভাপতি ৰদীপ ৰংহাং, কাৰ্যবাহী সদস্য লুনছিং টেৰণ, বিধায়ক দৰছিং ৰংহাং, কাৰ্বি পৰিষদৰ মনোনীত পৰিষদীয় সদস্য চন্দ্ৰ ছেত্ৰী, বিভাগীয় বৰ্ড অধ্যক্ষ ক্ৰমে প্ৰণৱ ৰংফাৰ, দিত্যলাল হাষ্ণু, ডংকামোকাম পৌৰসভাৰ ৱাৰ্ড কমিছনাৰ ক্ৰমে চেৰলংকি বে, জিতু তেৰাঙৰ লগতে বিথোঙ-ৰেংথেমা সমষ্টিৰ গাওঁ উন্নয়ন সমিতিৰ অধ্যক্ষ ৰামচন ৰংপি উপস্থিত থাকে।

Exit mobile version