কেন্দ্ৰ‌ই শিৰনত কৰাৰ পাছত কৃষকৰ ‘সংসদ চলো’ কাৰ্যসূচী ঘোষণা

২৯ নৱেম্বৰত সংসদলৈ যাত্ৰা-২৪ নৱেম্বৰত দিল্লী সীমান্তলৈ যাত্ৰা

15e139ce 41c3 11eb ba42 7bdceb016500

এবছৰৰো অধিক সময় ৰাজপথত আন্দোলন অব্যাহত ৰখাৰ পাছত প্ৰতিবাদী কৃষকৰ ওচৰত কেন্দ্ৰীয় চৰকাৰে শিৰনত কৰিলে যদিও সম্পূৰ্ণৰূপে এতিয়াও পতিয়ন যোৱা নাই কৃষকসকল । ইতিমধ্যে দেশজোৰা আন্দোলনৰ নেতৃত্ববাহী ভাৰতীয় কিষাণ ইউনিয়ন (বিকেইউ)ৰ নেতা ৰাকেশ টিকায়টকে ধৰি আন্দোলনৰ অগ্ৰণী নেতাসকলে স্পষ্ট কৰি দিছে যে আগন্তুক সংসদৰ শীতকালীন অধিবেশনত তিনিখন বিতৰ্কিত তিনি কৃষি আইন প্রত্যাহাৰ নোহোৱা পৰ্যন্ত এই আন্দোলন অব্যাহত থাকিব । শুকুৰবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সমগ্ৰ দেশবাসীকে হতচকিত কৰি বিতৰ্কিত আইন প্ৰত্যাহাৰৰ ঘোষণাৰ লগতে কৃষকসকলক আন্দোলনস্থলী ত্যাগ কৰি ঘৰলৈ উভতি যাবলৈ অনুৰোধ জনাইছিল ।

কালি প্ৰতিবাদী কৃষকৰ যুটীয়া সংগঠন সংযুক্ত কিষাণ মৰ্চা (এছকেএম)ৰ প্ৰতিবাদী কৃষকসকল দিল্লীৰ সিংঘু সীমান্তত বৈঠকত মিলিত হয় আৰু এলানি কাৰ্যসূচী গ্ৰহণৰ সিদ্ধান্ত লয় । ইয়াৰ ভিতৰত আছে অহা ২৯ নৱেম্বৰৰ শীতকালীন অধিবেশনৰ আৰম্ভণিত ‘সংসদ চলো’ কাৰ্যসূচী । প্ৰধানমন্ত্ৰী মোদীৰ ঘোষণাৰ পাছত কালি কৃষকসকলৰ এইখন প্ৰথম বৈঠক অনুষ্ঠিত হয় ।

এই বৈঠকত গ্ৰহণ কৰা সিদ্ধান্ত অনুসৰি বাকী থকা দাবীসমূহ সন্দৰ্ভত কৃষকসকলে প্ৰধানমন্ত্ৰী মোদীলৈ এখন মুকলি পত্ৰ প্ৰেৰণ কৰিব । এই দাবীসমূহৰ ভিতৰত অন্যতম হৈছে ন্যূনতম সমৰ্থিত মূল্য নিশ্চিতকৰণৰ বাবে কেন্দ্ৰীয় আইনৰ ব্যৱস্থা । ইয়াৰ উপৰি বিগত আন্দোলনৰ সময়ছোৱাত হোৱা সংঘৰ্ষত বহু কৃষকৰ বিৰুদ্ধে ৰুজু হোৱা আৰক্ষীৰ গোচৰসমূহ প্ৰত্যাহাৰৰ বাবেও পত্ৰযোগে মোদীক দাবী জনাব কৃষকসকলে ।

এক বিবৃতিত সংযুক্ত কিষাণ মৰ্চাই কয় যে আজি লক্ষ্ণৌত কিষাণ মহাপঞ্চায়ত অনুষ্ঠিত হ’ব । অহা ২৪ নৱেম্বৰত ভাৰতীয় বংশোদ্ভৱ আগশাৰীৰ বৃটিছ সাংসদ ছাৰ চটোৰামৰ জন্ম দিৱস উপলক্ষে কিষাণ মজদুৰ দিৱস উদ্‌যাপন কৰা হ’ব । তদুপৰি ২৪ নৱেম্বৰত দিল্লীৰ সীমান্তলৈ সমদল আৰু ২৯ নৱেম্বৰত সংসদলৈ সমদল যাত্ৰা কাৰ্যসূচী গ্ৰহণ কৰিছে কৃষক সংগঠনটোৱে ।

অহা ২৭ নৱেম্বৰত পৰিস্থিতিৰ পুনৰীক্ষণ বাবে কৃষক সংগঠনটোৱে আন এক বৈঠকৰ আহ্বান জনাইছে । কালিৰ বৈঠকত মৰ্চাই আন্দোলনৰ সময়ত নিহত কৃষকসকলৰ পৰিয়াললৈ বিত্তীয় সাহায্য আগবঢ়োৱা তেলেংগানা চৰকাৰৰ সিদ্ধান্তক প্ৰশংসা কৰে । লগতে বিবৃতিত প্ৰসংগত কোৱা হয়, ‘নৰেন্দ্ৰ মোদী আৰু তেওঁৰ চৰকাৰে সাতশ সাহসী কৃষকে আগবঢ়োৱা বৃহৎ তথা এৰাই চলিব পৰা আত্মত্যাগৰ স্বীকৃতি নিদিয়ে ।’

প্ৰধানমন্ত্ৰী মোদীয়ে কৃষি আইন প্রত্যাহাৰৰ ঘোষণাৰ সময়ত মন্তব্য কৰিছিল যে চৰকাৰৰ তপস্যাত হয়তো কিবা ত্ৰুটি আছিল, তাৰ বাবে তেওঁলোকে কিছুসংখ্যক কৃষকক সত্য ব্যাখ্যা কৰিব নোৱাৰিলে । প্ৰধানমন্ত্ৰী মোদীৰ এই ভাষ্যত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি সংযুক্ত কিষাণ মৰ্চাই কয় যে প্ৰতিবাদী কৃষকসকলেহে বিশ্চাসেৰে প্ৰকৃত তপস্যা কৰিছিল ।

‘এই অন্নদাতাসকলে তেওঁলোকৰ তপস্যাৰ জৰিয়তে ঐতিহাসিক প্ৰথম বিজয়ৰ সন্ধিক্ষণলৈ লৈ গৈছে আৰু সম্পূৰ্ণ বিজয়ৰ দিশে স্থিৰভাৱে আগবাঢ়িছে । এই বিজয় হ’ব গণতন্ত্ৰৰ বিজয় । এই বিজয় কাৰোবাৰ অহমিকা বা গৌৰৱৰ প্ৰশ্ন নহয়, ‘এয়া হৈছে হেজাৰ হেজাৰ অৱহেলিত আৰু উপান্ত ভাৰতীয়ৰ জীৱিকাৰ প্ৰশ্ন ।’ এইদৰে কোৱা হৈছে বিবৃতিত । বিবৃতিত লগতে কোৱা হয় যে কৃষক প্ৰতিবাদতকৈ তেওঁলোকৰ আন্দোলন বহু বেছি বৃহত্তৰ ।

Exit mobile version