ভাৰতত কিয় বন্ধ হ’ল পাকিস্তানী শিল্পীৰ গীত ? বিতৰ্কিত প্ৰশ্ন অৰিজিতৰ

atif aslam compliments arijit singh for hawayein 0001

আবু ধাবিত এক সংগীত অনুষ্ঠানত অংশ লোৱাৰ সময়ত পাকিস্তানী সংগীত শিল্পীৰ সমৰ্থনত মন্তব্য প্ৰকাশ কৰি বিতৰ্কৰ সৃষ্টি কৰিলে বলিউডৰ জনপ্ৰিয় সংগীত শিল্পী অৰিজিত সিঙে ।

যোৱা ১৮ নৱেম্বৰ মধ্য প্ৰাচ্যৰ সৰ্ববৃহৎ ইনড’ৰ ষ্টেডিয়ামত সংগীত অনুষ্ঠান পৰিবেশন কৰিছিল ভাৰতৰ এইজন জনপ্ৰিয় সংগীত শিল্পীয়ে । হাতত গীটাৰ লৈ গীত পৰিবেশন কৰাৰ সময়তে জনপ্ৰিয় পাকিস্তানী শিল্পী আতিফ ইছলামৰ গীত ‘পেহলি নজৰ মে কেইচা জাদু কৰদিয়া’ গাবলৈ আৰম্ভ কৰিছিল অৰিজিতে ।

গানটো গাই থকাৰ সময়তে হঠাতে দৰ্শকক চমক দি অৰিজিতে ক’বলৈ ধৰে, ‘এটা প্ৰশ্ন আছে, বিতৰ্কিত প্ৰশ্ন আছে…. কিন্তু ম‌ই প্ৰশ্ন কৰিমেই কিয়নো ম‌ই কাকো কেৰেপ নকৰো । আচ্ছা ম‌ই সিমান বাতৰি নাচাও পাকিস্তানী শিল্পীসকলৰ গান এতিয়াও ভাৰতত বন্ধ হৈ আছে নেকি ? এনে ঘটনা মাজতে ঘটিছিল, এতিয়াও বাহাল আছে নেকি ? কিয়নো বিষয়টো হ’ল আতিফ ইছলাম মোৰ অন্যতম প্ৰিয় শিল্পী, ছাফকত অমানত‌ আলীও প্ৰিয় ?’

Exit mobile version