সংযুক্ত আৰবত গােপনে সামৰিক ঘাটি নির্মাণ চীনৰ, আমেৰিকাৰ বাধা

3500

সংযুক্ত আৰব এমিটেছৰ এটা বন্দৰত চীনে গােপনে সামৰিক কেন্দ্র স্থাপনৰ যােজাচলােৱাৰ তথ্য ফাদিল কৰিলে আমেৰিকাৰ চোৰাংচোৱাই।

উল্লেখ্য যে সংযুক্ত আৰবক বর্তমানৰ সময়ত আমেৰিকাই অন্যতম সহযােগী ৰাষ্ট্ৰ হিচাপে সহযােগিতা আগবঢ়াই আহিছে।

আমেৰিকাৰ ৰাষ্ট্রপতি জ’ বাইডেনে চোৰাংচোৱাৰ পৰা প্রতিবেদন লাভৰ পাছতে সংযুক্ত আৰব এমিটেছ চৰকাৰক সকীয়নি দি কয় যে ইউ এ ইত চীনৰ উপস্থিতিয়ে আমেৰিকা আৰু সংযুক্ত আৰবৰ সম্পৰ্কৰ ক্ষতি কৰিব পাৰে।

‘দ্য ৱাল ষ্ট্রীট জার্ণেল’ৰ বাতৰি অনুসৰি আমেৰিকাৰ প্রতিনিধিৰ স’তে হােৱা সংযুক্ত আৰবৰ প্রতিনিধিৰ বৈঠকৰ পাছত সম্প্রতি সংযুক্ত আৰবত চীনৰ সামৰিক ঘাটিৰ নিৰ্মাণ কার্য বন্ধ ৰখা হৈছে।

উল্লেখ্য যে মধ্য প্রাচ্যত আমেৰিকাক প্রত্যাহ্বান জনাবলৈ চীনে শেহতীয়াভাৱে উঠি পৰি লাগিছে। আবু ধাবিৰ পৰা ৫০ মাইল উত্তৰত অৱস্থিত খলিফা বন্দৰত চীনৰ সন্দেহজনক গতিবিধি প্রত্যক্ষ কৰাৰ কথা এবছৰ পূর্বে মার্কিন চোৰাংচোৱাই প্রতিবেদনত উল্লেখ কৰিছিল।

মূলতঃ আমেৰিকাত মধ্যপ্রাচ্যত প্রত্যাহ্বান জনাবলৈকে চীনে এইদৰে সংযুক্ত আৰবত সামৰিক ঘাটি স্থাপনৰ তৎপৰতা প্রদর্শন কৰা বুলি ৱাশ্বিংটনে অভিযােগ কৰিছে।

Exit mobile version