অসম মেঘালয় সীমান্ত তথা পশ্চিম কাৰ্বি আংলঙত খেৰণি বন বিভাগৰ অভিযান,জব্দ কুণ্ডাভৰ্তি এখন ট্ৰাক

5f2f3133 7272 478c aae9 892a0968d997

অসম মেঘালয় সীমান্তত তথা পশ্চিম কাৰ্বি আংলঙত খেৰণি বন বিভাগৰ অভিযান। গোপন সূত্ৰৰ পম খেদি খেৰণি বন বিভাগে চলোৱা অভিযানত অসম মেঘালয় সীমান্তৰ লামাৰাঙত জব্দ কৰে এখন ML-04-5791নম্বৰৰ কুণ্ডাভৰ্তি শক্তিমান ট্ৰাক।

লামাৰাং গাঁওৰ পৰা মেঘালয়লৈ কুণ্ডাসমূহ অবৈধভাৱে সৰবৰাহ কৰি থকা অৱস্থাত বন বিভাগে কুণ্ডা ভৰ্তি গাড়ীখন জব্দ কৰিবলৈ সক্ষম হয় যদিও কৰায়ত্ত কৰিব পৰা নাই কাঠৰ চোৰাং বেহা চলোৱা চক্ৰটোৰ এজনো সদস্যক।

যোৱা ১৯ নৱেম্বৰত বন বিভাগে কুণ্ডাসহ ট্ৰাক খন জব্দ কৰে যদিও যান্ত্ৰিক বিজুতিৰ বাবে জব্দকৃত গাড়ীখন যোৱা নিশাহে খেৰণি বনাঞ্চলিক কাৰ্যলয়ত আনিবলৈ সক্ষম হয়।

Exit mobile version