Afghanistan Crisis : বন্ধ অনুদান, দুৰ্ভিক্ষৰ শংকা আফগানিস্তানত

UN warns of food crisis in Afghanistan

সন্ত্রাস-বিধ্বস্ত এখন দেশ, বিগত তিনি মাহ ধৰি তালিবানৰ দখলত । পূৰ্বৰ চৰকাৰ উচ্ছেদ কৰি আগষ্টত পুনৰ আফগানিস্তান দখল কৰিছে তালিবানে । নিজৰ ‘চৰকাৰ’ হিচাপে ঘোষণা কৰিছে তেওঁলোকে । কিন্তু তালিবান চৰকাৰক মান্যতা দিয়া নাই আমেৰিকা-ব্রিটেইনসহ অধিকাংশ দেশেই । অর্থ আৰু ত্রাণসাহায্য পঠোৱাও বন্ধ কৰি দিছে তেওঁলোকে । ফলত বিদেশী সাহায্যৰ ওপৰত নির্ভৰশীল আফগানিস্তান ক্রমে আৰু দাৰিদ্রতাত বুৰ গৈছে । ৰাষ্ট্ৰসংঘৰ শংকা, এনেদৰে চলিলে অচিৰেই দুর্ভিক্ষ‌ই দেখা দিব দেশখনত ।

আমেৰিকাৰ সেনাবাহিনীয়ে আফগানিস্তান ত্যাগ কৰাৰ পাছত বহু লোকে সেই দেশ ত্যাগ কৰি পলায়নৰ চেষ্টা কৰে । কোনো কোনো সফল হয়, বহুতেই ব্যর্থ হয় । ইয়াৰ পাছৰ পৰাই দেশৰ অর্থনৈতিক পৰিকাঠামো ভাঙি পৰে । দীর্ঘ খৰাৰ ফলত শস্য‌ও ভাল নহয় । ফলত চৰম খাদ্য অভাৱৰ সৃষ্টি হয় । ৰাষ্ট্ৰসংঘৰ তৰফৰ পৰা সতর্কবার্তা দিয়া হৈছে, শীঘ্রে খৰাং-দুর্ভিক্ষৰ পৰিস্থিতি দেখা দিব দেশখনত ।

বিষয়টো ব্যাখ্যা কৰি ৰাষ্ট্ৰসংঘৰ ‘ফুড এণ্ড এগ্রিকালচাৰেল অর্গেনাইজেছন’ (এফএঅ’)ই জনাইছে, ক্রমশ সামগ্ৰীৰ মূল্য বৃদ্ধি পাইছে । ইপিনে অৰ্থাভাৱে জুমুৰি ধৰিছে । এফএঅ’-ৰ আফগান প্রতিনিধি ৰিচার্ড ট্রেনচার্ডে কয়, ‘‘ভয়ানক পৰিস্থিতি । কৃষকসকলৰ স’তে কথা হৈছে । প্রায় সকলোৱেই তেওঁলোকৰ সকলো শস্য হেৰুৱাইছে । বহুতে ঘৰচীয়া পশু বিক্রী কৰিবলৈ বাধ্য হৈছে । এতিয়া তেওঁলোকৰ ওপৰত বিশাল ঋণৰ বোজা । হাতত এটকাও নাই । ঋণ লৈ কোনো মতে সংসাৰ চলাইছে ।’’

ৰিচার্ডে আৰু কয়, ‘‘কোনো কৃষককেই তেওঁলোকৰ ভূমি এৰি যাব বিচৰা নাই । কিন্তু তেওঁলোকৰ খাদ্য নাই । আগৰ শস্য‌ও নাই । শস্য সিঁচিবৰ বাবে প্রয়োজনীয় বীজ নেই । ঘৰচীয়া পশুও বিক্রী কৰিবলগীয়া হৈছে । এনে পৰিস্থিতিত আৰু কোনো পথ খোলা নাই ।’’

ৰাষ্ট্ৰসংঘৰ পৰিসংখ্যা অনুযায়ী, বর্তমান এক কোটি ৮৮ লাখ আফগান দৈনন্দিন হাজিৰা কৰি খোৱা সকলে খাদ্যৰ জোগাৰ কৰিব পৰা নাই । চলিত বৰ্ষ সমাপ্ত হোৱাৰ আগতে প্ৰায় দুই কোটি ৩০ লাখ আফগান দাৰিদ্রতাত ভুগিব । চহৰবোৰৰ ওপৰত চাপ বাঢ়িছে । বাসিন্দাসকলৰ সঞ্চয় শেষ হৈছে আৰু ঋণৰ বোজা বাঢ়িছে । এফএঅ’-ৰ শংকা, ২০২২ত দুর্ভিক্ষ দেখা দিব আফগানিস্তানত ।

এই সমস্যা সমাধানৰ উপায় কি ?

বিশেষজ্ঞসকলৰ মত, ‘‘আফগানিস্তানৰ কৃষকসকলক বীজ দিব লাগিব, সাৰ দিব লাগিব । ৱর্ল্ড ফুড প্র’গ্রাম মাৰফত খাদ্যৰ যোগান ধৰিব লাগিব । অৱশ্যে সম্প্ৰতি আটাইতকৈ প্রয়োজনীয়… নগদ ধন ।’’

আফগানিস্তানৰ মেৰুদণ্ড মূলত কৃষিকাৰ্য । দেশখনৰ অর্থনীতিও কৃষিৰ ওপৰত নির্ভৰশীল । দেশখনৰ ৭০ শতাংশ মানুহ বাস কৰে গ্রাম্য অঞ্চলত । সেয়ে প্রায় ৮০ শতাংশৰেই জীৱিকা কৃষি আৰু পশুপালন । ফলত দীর্ঘ খৰাঙৰ বাবে এই সময়ত মানুহৰ হাতত খাদ্য নাই । শস্য সিঁচিবৰ বাবে বীজো নাই । সম্প্ৰতি সাহায্যৰ আশাত সমগ্ৰ বিশ্বলৈ চাই আছে আফগানিস্তানে ।

Exit mobile version