আফগান টেলিভিছনত মহিলা শিল্পীৰ অনুষ্ঠান পৰিৱেশন কৰিব নোৱাৰিব

afghan women tv

আফগানিস্তানৰ তালিবান শাসকে দেশখনৰ সকলােবােৰ টেলিভিছন চেনেললৈ কঠোৰ নিদের্শনা জাৰি কৰিলে। এই নির্দেশনা অনুসৰি, আফগানিস্তানত এতিয়াৰে পৰা টেলিভিছনত কোনাে মহিলা শিল্পীৰ অনুষ্ঠান প্রদর্শন কৰিব নােৱাৰিব।

একেটা নির্দেশনাত তালিবান চৰকাৰে স্পষ্টভাৱে কৈছে যে কোনাে টেলিভিছন চেনেলত মহিলা সাংবাদিক থাকিলে সেই সাংবাদিকে বাতৰি পৰিৱেশনৰ সময়ত ইছলামিক পৰম্পৰাগত হিজাব পৰিধান কৰিব লাগিব।

কিছুদিন পূর্বে আফগানিস্তানৰ তথ্য আৰু সম্প্রচাৰ বিভাগে নির্দেশনা জাৰি কৰি কৈছিল যে দেশখনৰ সকলােবােৰ টিভি চেনেলে নতুন নিয়ম পালন কৰিব লাগিব।

দেওবাৰে পুনৰ টিভি চেনেলৰ বাবে নতুন নির্দেশনা জাৰি কৰিলে তালিবান চৰকাৰে। এতিয়াৰে পৰা দেশখনৰ টিভি চেনেলত মহিলা শিল্পী থকা কোনাে অনুষ্ঠান, ধাৰাবাহিক, সাক্ষাৎকাৰ আদি সম্প্রচাৰ কৰিব নােৱাৰিব।

Exit mobile version