প্ৰতিষেধক বিৰোধী প্ৰতিবাদ ব্রাছেলছত

1637634234 brussels

google

পুনৰ ক’ভিডৰ কেন্দ্রবিন্দু ইউৰোপ । ৰাছিয়া, জার্মানী, অষ্ট্ৰিয়া, বেলজিয়ামৰ পৰিস্থিতি আটাইতকৈ শোচনীয় । নতুনকৈ কৰ’না-বিধি জাৰি কৰিছে অধিকাংশ দেশৰ চৰকাৰে । যিসকলে এই পৰ্যন্ত প্ৰতিষেধক গ্ৰহণ কৰা নাই, তেওঁলোকৰ বাবে ‘তলাবন্ধ’ জাৰি কৰাৰ পৰিকল্পনা কৰিছে প্রশাসনে । অর্থাৎ টিকা নোলোৱাকৈ থাকিলে গৃহবন্দী হৈ থাকিব লাগিব । নতুন নিয়মৰ বান্ধোন শুনি ক্ষুব্ধ ইউৰোপীয়সকলৰ একাংশ । নতুন চৰকাৰী নিষেধাজ্ঞাৰ বিৰুদ্ধে ব্রাছেলছৰ পথত নামিছে হেজাৰ হেজাৰ লোক ।

প্ৰায় ৩৫ হেজাৰ লোকে ভিৰ কৰিছিল চেণ্ট্ৰেল ব্রাছেলছত । অধিকাংশৰে মুখত মাস্ক নাছিল । দূৰত্ব-বিধিৰটো প্রশ্নই নুঠে । গোটেই দিন বিক্ষোভ প্ৰদৰ্শনৰ পাছত তেওঁলোকৰ মাজৰ বহুতেই ঘৰমুৱা হয় । সেই সময়ত হঠাৎ হিংসাৰ ৰূপ লয় বিক্ষোভে । আৰক্ষীয়ে জনায়, কিছুসংখ্যক বিক্ষোভকাৰীয়ে আৰক্ষীক লক্ষ্য কৰি শিল দলিয়াবলৈ আৰম্ভ কৰে । গাড়ী ভাঙে । আবর্জনা পেলোৱা স্থানবোৰত জুই জ্বলাই দিয়ে ।

পৰিস্থিতি নিয়ন্ত্রণত আনিবলৈ আৰক্ষীয়ে কন্দোৱা গেছ নিক্ষেপ কৰে । কিছু ঠাইত পানী নিক্ষেপ কৰা হয় । এজন আৰক্ষী বিষয়াই জনায়, ‘‘আমাৰ বহুতে আহত হৈছে । ঠিক কেইজন, কোৱা সম্ভৱ নহয় ।’’ কে’বাজনো বিক্ষোভকাৰীক আটক কৰা হৈছে । আটকৰ সংখ্যাও সঠিকভাৱে জনোৱা নাই বিষয়াজনে ।

ইউৰোপৰ অধিকাংশ দেশতেই ৭০ৰ পৰা ৮০ শতাংশ টিকাকৰণ সম্পূর্ণ হৈছে । কিন্তু অষ্ট্ৰিয়া, বেলজিয়ামথ দৰে কিছু দেশ পিছ পৰি আছে । প্ৰতিষেধকৰ অভাৱ নহয়, দেশবাসীৰ একাংশৰ অনিচ্ছাৰ বাবে টিকাকৰণ স্তব্ধ হৈ আছে এইসমূহ অঞ্চলত । চৰকাৰে ইমান দিনে ক’ভিড প্ৰতিষেধক লোৱা আৱশ্যক ঘোষণা কৰা নাছিল; কিন্তু বর্তমান পৰিস্থিতিত টিকা লোৱাত জোৰ দিছে প্রশাসনে । আজিৰ বিক্ষোভৰ কাৰণ আছিল এইটোৱে ।

বিক্ষোভকাৰীসকলৰ অন্যতম অভিযোগ, টিকাকৰণ বাধ্যতামূলক কৰিব নোৱাৰে চৰকাৰে । ‘স্বাধীনতা লাগে’ বুলি শ্ল’গান দিয়ে তেওঁলোকে । ফেচিবাদ-বিৰোধী গীত ‘বেলা চাও’ গোৱা শোনা যায় বহুতকে । বিক্ষোভকাৰীসকলৰ হাতত আছিল বিশাল বেনাৰ । তাতে লিখা আছিল — ‘সকলোৱে একেলগে স্বাধীনতা বিচাৰো’ । তেওঁলোকে ইউৰোপীয় ইউনিয়নৰ সদৰ দপ্তৰৰ সন্মুখত সমদল কৰি একত্রিত হয় । কট্টৰপন্থী ৰাজনৈতিক দলৰ পৰা এলজিবিটি কমিউনিটী, সকলেও পতাকা হাতত লৈ যোগ দিয়ে ।

বিগত কিছু সপ্তাহত ইউৰোপীয় ইউনিয়নৰ অন্তর্গত বহু দেশত ভেকচিন-বিৰোধী সমদল ওলাইছে । শনিবাৰে নেডাৰলেণ্ডছৰ বিভিন্ন স্থানত বিক্ষোভ প্ৰদৰ্শন কৰে । বিশ্ব স্বাস্থ্য সংস্থা (হু)ৱে সম্প্রতি জনাইছে, এই মহাদেশ সম্প্ৰতি ক’ভিডৰ হটস্পট হৈ পৰিছে । তেনে সময়তে এই ধৰণৰ বিক্ষোভে আৰু সংক্রমণ বৃদ্ধি কৰিব বুলি শংকা প্রশাসনৰ । ইউক্রেইন, ৰাছিয়া, শ্ল’ভাকিয়াৰ দৰে দেশতো হাস্পাতালত শয্যা খালি নাই । চিকিৎসা ব্যৱস্থা শোচনীয় । ৰাষ্ট্ৰসংঘৰ শংকা, এই শীতত লক্ষাধিক প্রাণ যাব ইউৰোপত ।

Exit mobile version