শ্লিম হৈ থাকিবলৈ গুৰুত্ব দিয়ক এই পাঁচটা বিষয়ত

1 gDJON Iw8SgpzrJwSQ1XNQ

আজি কালি ‘শ্লিম’ শব্দটোৰ স’তে প্ৰায়ভাগ লােকেই পৰিচিত। বিশ্বত যিমানেই মেদবহুল লােকৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে সিমানেই ‘শ্লিম’ হােৱাৰ মানসিকতাই গা কৰি উঠা বাবে বহুতে খােৱা বােৱাৰ পৰা আৰম্ভ কৰি ব্যায়াম কৰালৈকে সকলােতে গুৰুত্ব দিছে। পিছে পুৱাই ব্যায়াম কৰি যদি দিনৰ দিনটো ফাষ্ট ফুড, জাংক ফুড’ আদি খাই থকাৰ ফলত, মেদবহুলতাই সহজেই গা কৰি উঠে। শ্লিম হৈ থাকিবলৈ কেইটিমান বিষয়ত সদায় গুৰুত্ব প্রদান কৰা উচিত।

★পুৱাৰ আহাৰ সঠিক সময়ত পেট ভৰাই খাব লাগে। প্রটিন, কার্বোহাইড্রেট, শাক পাচলি, ফল-মূল আদি পুৱাৰ আহাৰত তালিকাভুক্ত কৰা উচিত। পুৱাৰ আহাৰত গাখীৰ, কণী আদি খালেও উপকাৰ পােৱা যায়। যিসকলে নিয়মীয়াকৈ পুৱাৰ আহাৰ ভালদৰে গ্ৰহণ কৰে তেওঁলােকে মেদবহুলতা প্ৰতিৰােধ কৰিব পাৰে।

★দুপৰীয়া কম পৰিমাণে আহাৰ খাব লাগে। কাৰণ পুৱাই বেছি খােৱাৰ পাছত যদি দুপৰীয়াও বেছিকৈ খায় তেতিয়াহ’লে শৰীৰত অতিৰিক্ত চর্বি জমা হ’বলৈ ধৰিব

★আঁহযুক্ত বা ফাইবাৰ যুক্ত খাদ্য নিয়মীয়াকৈ খােৱা উচিত। সতেজ শাক-পাচলি, ফলমূল আদি প্ৰচুৰ পৰিমাণে খালেও সুফল পােৱা যায়। কিয়নাে এনেধৰণৰ খাদ্য পাকস্থলীত বেছি সময় থকা বাবে সােনকালে ভােক নালাগে।

★ফাষ্ট ফুড, চকলেট, আইচক্রীম আদিৰ পৰা আঁতৰি থাকিব লাগিব।

★প্রতি সপ্তাহতে ওজন নিৰীক্ষণ কৰিলে হ্রাস-বৃদ্ধি জানিব পাৰি।

Exit mobile version