হঠাৎ টকাৰ বৰষুণ হ’ল আমেৰিকাৰ ৰাজপথত

dollar on road 3

সমগ্র ৰাস্তাজুৰি টকাৰ বৰষুণ। ইটো প্ৰান্তৰ পৰা সিটোৰ প্ৰান্তৰ যিমান দূৰলৈকে দেখা যায়, সিমানলৈকে সিঁচৰতি হৈ পৰিছে আছে নােট। এয়া কোনাে চিনেমাৰ দৃশ্য নহয়, বৰঞ্চ বাস্তৱতে ঘটিছে এনে ঘটনা। সেই নােটবােৰ বুটলাৰ বাবেই সমগ্ৰ ৰাষ্ট্ৰীয় ঘাইপথকে লাগিছে সাধাৰণ লােকৰ ভিৰ। লাগিছে হেতা-ওপৰা।

এই সমগ্ৰ ঘটনাৰ ভিডিঅ’ সম্প্রতি সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। এই ঘটনা সংঘটিত হৈছে কেলিফ’র্ণিয়াৰ ছান ডিয়েগ’ৰ। তাৰেই এক ৰাষ্ট্ৰীয় ঘাইপথ ঢাকি পেলাইছে অসংখ্য নােটে। ধন সংগ্ৰহৰ এনে সুৱৰ্ণ সুযােগ বাৰু হেৰুৱাব পাৰি নেকি?

গতিকে এক মুহূর্তও পলম নকৰি ৰাস্তাত জঁপিয়াই পৰিছে অসংখ্য মানুহ। যি যেনেকৈ পাৰে নােট বুটলি পকেটত ভৰাইছে। কোনােবাই আকৌ স্ফুর্তিতে টকা ওপৰত উৰাইছে। আশ্চৰ্যকৰ কথাটো হ’ল এই কার্যত মানুহক কোনেও বাধা প্রদান কৰা নাই।লক্ষ্মীদেৱীৰ আশীর্বাদত সকলােৰে মুখত দেখা গৈছে খােলা হাঁহি।

এই ভিডিঅ’ প্রত্যক্ষ কৰি সামাজিক মাধ্যম ব্যৱহাৰকাৰীসকলাে আচৰিত হৈ পৰিছে। সকলােৰে এটাই প্রশ্ন, সমগ্ৰ ৰাস্তাতে কিদৰে ইমানবােৰ টকা সিঁচৰতি হৈ পৰিল ? কিদৰে মাজপথত উৰিছে টকা ? স্থানীয় সংবাদ মাধ্যমৰ সূত্ৰই জনাইছে যে আচলতে এখন ট্রাকৰ পৰা এই নােটসমূহ ওলাই পৰিছে।

ছান ডিয়েগ’ৰ পৰা এখন ট্রাকত বিপুল পৰিমাণৰ ধন নিয়া হৈছিল ফেডাৰেল ডিপজিট ইন্সিওৰেঞ্চ কর্পোৰেচনলৈ। তেতিয়াই কিবা প্ৰকাৰে ট্ৰাকৰ এখন দুৱাৰ খােল খাই পৰিছিল। তাৰ ফলতে সিঁচৰতি হৈ পৰে লাখ লাখ নােট। প্রধানকৈ এক আৰু ২০ ডলাৰৰ নােট ৰাস্তাত পৰি আছিল বুলি সূত্রই জনাইছে।

কেলিফ’র্ণিয়া ৰাষ্ট্ৰীয় ঘাইপথ টহলদাৰী বিষয়া মার্টিনে সংবাদ মাধ্যমৰ আগত কয়, ‘ট্রাকৰ এখন দুৱাৰ খােলা থকাত নােটভর্তি বেগ এখন ওলাই ৰাস্তাত পৰে।

বেগখন ফাটিয়ে নােটবােৰ ৰাস্তাত বিয়পি পৰে। ‘স্থানীয় লােকসকলে নােটবােৰ সংগ্ৰহ কৰিলেও অৱশ্যে তেওঁলােকৰ লক্ষ্মীলাভ নহ’ব। কিয়নাে টহলদাৰী বিষয়াজনে স্পষ্ট কৰি দিছে যে নােটসমূহ সংগ্ৰহ কৰা লােকসকলে সকলাে নােট ঘূৰাই দিব লাগিব। অন্যথা চুৰিৰ অভিযােগত ডাঙৰ শাস্তিৰ সন্মুখীন হ’ব লাগিব।

প্রমাণৰূপে ভাইৰেল হােৱা ভিডিঅ’টোক ব্যৱহাৰ কৰা হ’ব বুলি আৰক্ষী বিষয়াজনে স্পষ্ট কৰি দিয়ে। আনহাতে, যথাসম্ভৱ ডলাৰসমূহ বুটলি ট্রাকত তােলাৰ প্রচেষ্টা অব্যাহত ৰাখিছে। ঘটনাত এই পর্যন্ত দুজন লােকক আৰক্ষীয়ে গ্রেপ্তাৰাে কৰিছে।

Exit mobile version