শােৱাৰ পূর্বে ম’বাইল চাইছে নেকি?

iStock 589417622 5938680f3df78c537b1f83f8

আজি কালি প্ৰায়ভাগ লােকে নিশা বিছনাত উঠাৰ পাছত ম’বাইল ফোনটো পিটিকি থকাৰ অভ্যাস গঢ়ি উঠিছে ।পিছে নিশা দীর্ঘ সময় যদি মবাইল স্ক্রীণত চকু নিক্ষেপ কৰি থাকে তেতিয়াহ’লে ইয়ে টোপনিত ব্যাঘাত জন্মাব।

ইউ চি এল এ স্কুল অৱ মেডিচিনৰ প্ৰধান গৱেষক ডাঃ ডন ছিগালে এই বুলি মন্তব্য কৰিছে যে ম’বাইল স্ক্রীণৰ পৰা নির্গত নীলা আৰু বগা ৰশ্মিয়ে মস্তিষ্কত মেলাটোনিন নামৰ হৰম’নবিধ ক্ষণত ব্যাঘাত জন্মায়।

এই মেলাটোনিন হ’ল এনে এবিধ হৰম’ন যিয়ে মানুহক টোপনি যােৱাত সহায় কৰে। যেতিয়া হৰম’নবিধ স্বাভাৱিক পৰিমাণে নিঃসৰিত হ’ব নােৱাৰে তেতিয়া টোপনিত ব্যাঘাত জন্মে।

Exit mobile version