Bizzare Love Triangle : পুনৰ প্রেমত পৰিছে, সেয়ে নিজৰ পৰা বিবাহ বিচ্ছেদ বিচাৰিলে নিজকে বিয়া কৰা মডেলে

1637644214 new project 2021 11 23t103715 266 1

কোনো পুৰুষকেই সংগী হিচাপে বিশ্বস্ত হোৱা নাছিল । সেয়ে কে’বা মাহ আগতে নিজকেই বিয়া কৰিছিল এগৰাকী মহিলাই । কিন্তু সেই ‘দাম্পত্য’তো ফাট মেলিছে । বিবাহৰ তিনি মাহৰ ভিতৰতে বিবাহ বিচ্ছেদৰ আবেদন কৰিছে ৩৩ বছৰীয়া ব্রাজিলীয় মডেল ক্রিছ গেলেৰাই ।

যোৱা ছেপ্টেম্বৰত নিজকে বিয়া কৰিছিল ক্রিছে । ছাও পাওলোৰ গির্জাত বিবাহ সম্পন্ন হৈছিল ।হাতত ফুল লৈ গির্জাৰ সন্মুখত ছবিও দিছিল । যেনেদৰে বিয়াৰ পাছত নৱদম্পতিয়ে দিয়ে । তাৰ পাছৰ পৰা ৯০ দিনো নহ’ল, নতুন বৈবাহিক সম্পৰ্ক বিচ্ছেদ হ’বলৈ লৈছে । ক্রিছে জনাইছে, তেওঁ বিচ্ছেদ বিচাৰে । কাৰণ তেওঁ বিশেষ এজনৰ প্রেমত পৰিছে । কিন্তু এই বিশেষজন কোন, ক্রিছে সেয়া জনোৱা নাই ।

প্রেমতৰ পৰা বিশ্বাস হেৰুৱাইছিল এটা সময়ত । এতিয়া পুনৰ প্রেম । ‘ত্রিকোণ প্রেম’ৰ বাবে বিবাহ বিচ্ছেদো হৈছে ! ক্রিছে অৱশ্যে তেওঁৰ একক দাম্পত্যক ইয়াৰ বাবে অলপো দোষ দিয়া নাই । বৰঞ্চ কৈছে, ‘‘যিমান দিন সম্পর্কটো আছিল মই সুখী আছিলো । কিন্তু বিশেষ এজনক লগ পোৱাৰ পাছত ম‌ই পুনৰ নতুনকৈ প্রেমত আস্থা ঘূৰাই পাইছো ।’’

যদিও ছেপ্টেম্বৰত আত্মপ্রেমত মগ্ন ক্রিছে জনাইছিল, ‘‘ম‌ই ইমান দিনে নিঃসংগতাক ভয় কৰিছিলো । কিন্তু এতিয়া বুজিছো নিজকো ভাল পাবলৈ শিকা উচিত । এইটো বুজি পাইছো বাবেই ম‌ই নিজকে উদ্‌যাপন কৰাৰ সিদ্ধান্ত লৈছো ।’’

Exit mobile version