Vodafone : এইবাৰ প্রিপেইড সেৱাৰ মাছুল বৃদ্ধি কৰিলে ভোডাফোনে

1637661502 vodafone

অতিমাৰী পৰিস্থিতিৰ পাছত মূল্যবৃদ্ধিৰ প্ৰভাৱ পৰিছে বহু সেৱা ক্ষেত্রতেই । ম’বাইলৰ মাছুলো তাৰ ব্যতিক্রম নহয় । এয়াৰটেলৰ পাছত এইবাৰ সাধাৰণ প্রিপেইড গ্রাহকসকলৰ মাছুল বৃদ্ধি কৰিব ভোডাফোন আইডিয়া লিমিটেডে (ভিআইএল) ।

ম’বাইল সেৱা সংস্থা ভিআইএল-এ মঙলবাৰে জনাইছে, বিভিন্ন স্তৰত মাছুল ২৫ শতাংশ পর্যন্ত বৃদ্ধি পাইছে । অহা ২৫ নৱেম্বৰৰ পৰা এই সিদ্ধান্ত কার্যকৰী হ’ব । তেওঁলোকৰ ন্যূনতম প্রিপেইড প্লেনৰ মাছুল হ’ব ৯৯ টকা । সংস্থা সূত্রে খবৰ, আগতে এই মূল্য আছিল ৭৯ টকা ।

ইয়াৰ উপৰি ১৪৯ প্রিপেইড সেৱা বৃদ্ধি কৰা হৈছে ১৭৯ টকালৈ । ১,৪৯৮ টাকাৰ সেৱা হ’ব ১,৭৯৯ টকা আৰু ২,৩৯৯ টকাৰ প্রিপেইড প্লেন হ’ব ২,৮৯৯ টকা । বৃদ্ধি পাইছে ডেটা ‘টপ আপ’ৰ খৰচো । ন্যূনতম ‘টপ আপ’ ৪৮ টকাৰ পৰা বাঢ়ি হৈছে ৫৮ টকা । তদুপৰি ৯৮ টকাৰ ‘টপ আপ’ ১১৮ টকা, ২৫১ টকাৰটো ২৯৮ টকা আৰু ৩৫১ টকাৰ ‘টপ আপ’ বঢ়োৱা হৈছে ৪১৮ টকালৈ ।

প্রসংগত, কেইমাহমান আগতে উচ্চতম ন্যায়ালয়ে জনাইছিল, কেন্দ্রীয় টেলিকম দপ্তৰৰ হিচাপ অনুযায়ী ম’বাইল সেৱা সংস্থাসমূহে বকেয়া স্পেকট্রাম আৰু লাইচেন্স ফি দিব লাগিব । ইয়াৰ পাছতেই এই উদ্যোগৰ স’তে জড়িত সংস্থাসমূহে ইংগিত দিছিল ব্যৱসায় চলাবলৈ আয় বৃদ্ধিৰ পথ সন্ধান কৰিব‌ই লাগিব । যাৰ অন্যতম উপায় হ’ল মাছুল বৃদ্ধি । পাছত জুলাইত প্রিপেইড মাছুল বৃদ্ধিৰ ঘোষণা কৰে ভাৰতী-এয়াৰটেলে ।

Exit mobile version