এইমছ্‌ত অচিনাক্ত ফাংগাছ সংক্ৰমণত দুজনৰ মৃত্যু : চিন্তিত চিকিৎসক

3HMCPM27PRJFJM7BRS4XBZ5GTY

ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীত ‘ব্লেক’ আৰু ‘হোৱাইট’ ফাংগাছ অৰ্থাৎ ভেঁকুৰজনিত সংক্ৰমণৰ ঘটনাৰ পাছত এইবাৰ এবিধ নতুন ধৰণৰ ফাংগাছৰ সংক্ৰমণৰ ফলত দুজন ৰোগীৰ মৃত্যু হোৱা ঘটনাই চিকিৎসকসকলক চিন্তিত কৰি তুলিছে ।

ADVERTISEMENT

নতুন দিল্লীৰ অখিল ভাৰতীয় আয়ুৰ্বিজ্ঞান প্ৰতিষ্ঠান (এইমছ্‌)ৰ চিকিৎসকে দুজন ৰোগীৰ শৰীৰত অচিনাক্ত ভেঁকুৰজনিত সংক্ৰমণ চিনাক্ত কৰিছিল । চিকিৎসাধীন অৱস্থাত এই দুজন ৰোগীৰ মৃত্যু হ’ল ।

চিকিৎসকে প্ৰকাশ কৰা অনুসৰি, বিভিন্ন দৰৱ প্ৰয়োগ কৰা হৈছিল যদিও সংক্ৰমণ প্ৰতিৰোধৰ ক্ষেত্ৰত কোনো ফলাফল লাভ কৰা নহ’ল । এই ফাংগাছ এস্পৰজিলিয়াছ লেণ্টুলাছ প্ৰজাতিৰ আছিল । এই প্ৰজাতিৰ ফাংগাছে মানৱ দেহৰ হাওঁফাওঁক আক্ৰান্ত কৰে ।

২০০৫ত প্ৰথমবাৰৰ বাবে এই প্ৰজাতিৰ ফাংগাছক চিনাক্ত কৰা হৈছিল আৰু বৰ্তমানলৈকে বিশ্বৰ কে’বাখনো দেশত এনে ভেঁকুৰজনিত সংক্ৰমণ ধৰা পৰিছে ।

Exit mobile version