লিভাৰপুলৰ জি-৭ বৈঠকলৈ আছিয়ান দেশক কিয় মাতিলে ব্ৰিটেইনে ?

istockphoto 1323298979 612x612 1

ব্রিটেইনৰ উদ্যোগত অহা মাহত অনুষ্ঠিত হ’ব লগা জি-৭ বৈঠকত অংশ ল’বলৈ দক্ষিণ-পূর্ব এছিয়াৰ ৰাষ্ট্ৰসমূহৰ সংগঠন আছিয়ানৰ সদস্য দেশক নিমন্ত্রণ দিয়া হৈছে।

জি-৭ হৈছে বিশ্বৰ সাত সর্ববৃহৎ অর্থনীতিৰ অধিকাৰী দেশৰ এক সংগঠন। অহা ১০ৰ পৰা ১২ ডিচেম্বৰলৈকে ব্রিটেইনৰ লিভাৰপুলত জি-৭ৰ বৈঠক অনুষ্ঠিত হ’ব।

ব্রিটেইনে এই বৈঠকলৈ আছিয়ানৰ সদস্য দেশ মালয়েছিয়া, থাইলেণ্ড আৰু ইন্দোনেছিয়াৰ বৈদেশিক মন্ত্রীক নিমন্ত্রণ দিছে।

এদিন পূর্বে চীনৰ ৰাষ্ট্রপতি জি জিনপিঙে আছিয়ান দেশৰ ৰাষ্ট্ৰ মুৰব্বীৰ স’তে এখন বৈঠকত মিলিত হৈছিল।

ইংলণ্ডৰ উদ্যোগত লিভাৰপুলত আয়ােজন কৰা জি-৭ৰ বৈঠকলৈ আছিয়ানৰ সদস্য ৰাষ্ট্ৰক কিয় নিমন্ত্রণ জনালে বুলি এক প্রশ্ন উত্থাপিত হৈছে।

প্রকাশিত বাতৰি অনুসৰি, আছিয়ানৰ সদস্য দেশসমূহ হৈছে চীনৰ প্রতিবেশী ৰাষ্ট্র। এইসমূহ দেশৰ সৰহসংখ্যকৰ স’তে চীনৰ সম্পর্ক মধুৰ নহয়।

আমেৰিকা আৰু ব্রিটেইনে ইয়াৰে সুযােগ গ্রহণ কৰিবলৈ আছিয়ান সদস্য ৰাষ্ট্ৰক জি-৭ৰ বৈঠকলৈ আমন্ত্রণ জনােৱা বুলি ধাৰণা কৰা হৈছে।

বিশেষকৈ চীনক এঘৰীয়া কৰিবলৈ আমেৰিকা আৰু ব্রিটেইনক এতিয়া এছিয়াৰ অন্যান্য দেশৰ সহযােগিতাৰ প্ৰয়ােজন হৈছে।

Exit mobile version