COVID Test : বংগত হ্ৰাস পাইছে ক’ভিড পৰীক্ষা, পদক্ষেপ ল’বলৈ পৰামর্শ দি সচিবালয়লৈ পত্ৰ প্ৰেৰণ কেন্দ্রৰ

test 2420211124044903

বিবাহ অনুষ্ঠান, পূজা বতৰৰ পাছত ক’ভিড পৰীক্ষাৰ হাৰ ক্ৰমান্বয়ে হ্ৰাস হোৱাত দেশৰ কৰ’না পৰিস্থিতিৰ সঠিক ছবি উদ্ভৱ হোৱা নাই । এই পৰিস্থিতিত ক’ভিড পৰীক্ষা বৃদ্ধিৰ বাবে সকলো ধৰণৰ পদক্ষেপ ল’বলৈ পৰামৰ্শ দি কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে সচিবালয়লৈ পত্ৰ লিখে।

নাগৰিকসকলক ক’ভিডৰ বিৰুদ্ধে প্ৰতিষেধক দিয়াৰ স্বত্বেও বিশ্বৰ কে’বাখনো উন্নত দেশত ক’ভিড পৰিস্থিতি পুনৰ অৱনতি হ’বলৈ আৰম্ভ কৰিছে।

তথ্য অনুসৰি কোনো কোনো ঠাইত ক’ভিডৰ চতুৰ্থ, আনকি পঞ্চম ঢৌটো ঢৌৱেও আঘাত কৰিছে। এই পৰিস্থিতিত, পৰ্যাপ্ত ক’ভিড পৰীক্ষা নহ’লে ভাৰতত ক’ভিড পৰিস্থিতি ক’ত আছে সেয়া সঠিকভাৱে বুজি পোৱাটো সম্ভৱ নহয়। পত্ৰখনত এই কথা জনাইছে কেন্দ্ৰীয় স্বাস্থ্য সচিব ৰাজেশ ভূষণে ।

কেন্দ্ৰীয় স্বাস্থ্য সচিবে বংগকে ধৰি দেশৰ ১৩ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চললৈ এই পত্ৰ খন প্ৰদান কৰিছে। এই ৰাজ্যৰ উপৰিও নাগালেণ্ড, ছিকিম, মহাৰাষ্ট্ৰ, কেৰালা, গোৱা, মণিপুৰ, মেঘালয়, মিজোৰাম, জম্মু-কাশ্মীৰ, পঞ্জাৱ, ৰাজস্থান আৰু লাডাখ তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে।

পত্ৰখনত কেন্দ্ৰই জনাইছে,ক’ভিডবিধি শিথিল কৰাৰ ফলত বিদেশত ভাৰতীয়সকলৰ যাতায়ত বৃদ্ধি পাইছে। বিবাহ অনুষ্ঠান, পূজাৰ বতৰও শেহতীয়াকৈ সমাপ্ত হৈছে।

ইয়াৰ উপৰিও, শেহতীয়াকৈ কিছুমান ৰাজ্যত বায়ু প্ৰদূষণৰ পৰিস্থিতিৰ অৱনতি ঘটিছে। এই পৰিস্থিতিত, ক’ভিড পৰীক্ষা হ্ৰাস হ’লে ক’ভিড কেনেদৰে এক নিৰ্দিষ্ট এলেকাত বিয়পি আছে সেয়া সঠিকভাৱে বুজি পোৱা সম্ভৱ নহয়। পত্ৰখনত এইটোও কোৱা হৈছে যে কেন্দ্ৰই এই ক্ষেত্ৰত ৰাজ্যখনক সহায় কৰিবলৈ সাজু।

Exit mobile version