Flight: অহা সপ্তাহৰ স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিব আন্তৰ্জাতিক উৰাণ

1637756285 plane

অহা ৩০ নৱেম্বৰৰ পাছত ভাৰতৰ পৰা আন্তঃৰাষ্ট্ৰীয় বিমান ক্ৰমান্বয়ে স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিব । বুধবাৰে এই কথা জনালে কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহন যোগাযোগ মন্ত্ৰালয়ৰ সচিব ৰাজীৱ বনচালে ।

যোৱা অক্টোবৰত কেন্দ্ৰীয় চৰকাৰে ক’ভিড নিষেধাজ্ঞাৰ সময়সীমা ৩০ নৱেম্বৰলৈ বৃদ্ধি কৰিছিল। সেই নিষেধাজ্ঞা অনুসৰি, বিমান নিয়ামক সংস্থা ডিজিচিএ যাত্ৰীবাহী আন্তৰ্জাতিক উৰাণৰ ওপৰতো সেই সময়সীমা পৰ্যন্ত এই নিষেধাজ্ঞা আৰোপ কৰিছিল।

অৱশ্যে, পণ্যবাহী(কাৰ্গো) বিমান আৰু কিছুমান নিৰ্ধাৰিত বিমানৰ ক্ষেত্ৰত এই কাৰ্যকৰী হোৱা নাছিল। কৰ’না ভাইৰাছৰ সংক্ৰমণ এৰাই চলিবলৈ যোৱা বছৰৰ ২২ মাৰ্চৰ পৰা আন্তৰ্জাতিক বিমান চলাচল বন্ধ হৈ গৈছিল।

দেশত ২৫ মাৰ্চৰ পৰা একেৰাহে প্ৰায় আঢ়ৈ মাহ ধৰি তলাবন্ধ চলি আছে। তাৰ পাছত,লাহে লাহে ক্ৰমান্বয়ে আনলক পৰ্যায়টো আৰম্ভ হয়।

অৱশ্যে ইয়াৰ মাজতে বিদেশত আৱদ্ধ হৈ থকা ভাৰতীয়সকলক ঘূৰাই অনা হৈছে ‘বন্দে ভাৰত’ প্ৰকল্পত । ইয়াৰ উপৰিও ভাৰতৰ ১৮ খন দেশৰ স’তেও চুক্তি আছে।

সেই দেশবোৰৰ পৰা সপ্তাহত নিৰ্দিষ্ট কেইখনমান বিমান চলাচল কৰে। তদুপৰি, পৃথককৈ কোনো দেশৰ বিমান ভাৰতলৈ আহিব বিচাৰিলে বা ভাৰতৰ পৰা সংশ্লিষ্ট দেশলৈ যাত্ৰা কৰিব বিচাৰে, তেন্তে বিশেষ অনুমতি ল’ব লাগিব।

Exit mobile version