২০২২ৰ উত্তৰ প্রদেশ বিধানসভাৰ নির্বাচনৰ পূর্বে এছ’চিয়েচন ফ’ৰ ডেমক্রেটিক ৰিফৰ্মৰ্ছ (এ ডি আৰ)-এ প্রকাশ কৰা তথ্য অনুসৰি, উত্তৰ প্রদেশ বিধানসভাৰ বৰ্তমানৰ বিধায়কসকলৰ ৩৫ শতাংশ বিধায়কৰ বিৰুদ্ধে অপৰাধৰ গােচৰ আছে।
ADVERTISEMENT
৪০৩ আসন বিশিষ্ট বিধানসভাৰ বৰ্তমানৰ ৩৯৬ বিধায়কৰ ১৪০ জন অর্থাৎ ৩৫ শতাংশ বিধায়কৰ বিৰুদ্ধে অপৰাধৰ গােচৰ পঞ্জীভূত হৈ আছে।
ইয়াৰে ১০৬ অর্থাৎ ২৭ শতাংশ বিধায়কৰ বিৰুদ্ধে গুৰুতৰ অপৰাধৰ অভিযােগ আছে। তদুপৰি সাত বিধায়কৰ বিৰুদ্ধে হত্যাৰ, দুই বিধায়কৰ বিৰুদ্ধে নাৰীজনিত অপৰাধ আৰু ৩৬ বিধায়কৰ বিৰুদ্ধে হত্যাৰ অপচেষ্টাৰ গােচৰ আছে।
বিজেপিৰ ১০৬ জন, এছ পিৰ ১৮ জন, বি এছ পিৰ পাঁচজন আৰু কংগ্ৰেছৰ এজন বিধায়কৰ বিৰুদ্ধে অপৰাধৰ গােচৰ আছে।