গোসাইগাঁৱত বন্যহস্তীৰ উপদ্ৰৱ

WhatsApp Image 2021 11 25 at 4.25.08 PM

কোকৰাঝাৰ জিলাৰ গোসাইগাঁও মহকুমাৰ বেৰজাবিল আদি কৰি উত্তৰাঞ্চলত অব্যাহত আছে বন্যহস্তীৰ উপদ্ৰৱ। ৰাইমোনা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা খাদ্যৰ সন্ধানত ওলাই অহা বন্যহস্তীয়ে উক্ত অঞ্চলৰ কৃষিজীৱী ৰাইজৰ বিস্তৰ ক্ষতি সাধন কৰি আহিছে।

ইয়াৰ মাজতে কৃষকৰ ঘৰ দুৱাৰ ভাঙি তহিলং কৰাৰ লগতে প্ৰায় প্ৰতিদিনেই উক্ত অঞ্চলত বন্যহস্তীয়ে উপদ্ৰৱ চলাই বিস্তৰ ক্ষতিসাধন কৰি আহিছে যদিও বন বিভাগৰ তৰফৰ পৰা কোনো ধৰণৰ ব্যৱস্থা নোলোৱা বুলি অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে।

এইক্ষেত্ৰত বন বিভাগ অথবা প্ৰশাসনক বন্যহস্তী প্ৰতিৰোধৰ বাবে উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে দাবী উত্থাপন কৰিছে স্থানীয় ৰাইজে।

Exit mobile version