তেজপুৰত এটা পৰিয়ালয়ৰ বাসগৃহত শিল-ইটা বৰ্ষণ : ভৌতিক কাণ্ড বুলি প্ৰতিষ্ঠা কৰাৰ চেষ্টা একাংশৰ

assam type house design in assam

তেজপুৰৰ ঢেকিয়াল গাঁৱৰ জ্যোতিনগৰত কালি দিনৰ পৰা আৰম্ভ হোৱা শিল,ভঙা ইটা নিক্ষেপৰ ঘটনাকলৈ অঞ্চলটোত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷

তেজপুৰৰ চহৰৰ গাতে লাগি থকা এই অঞ্চলটোৰ বিপিন দাস নামৰ পৰিয়ালটোৰ চোতালত কালি দিনৰ প্ৰায় ১২-৩০ বজাৰ পৰা আৰম্ভ হয় এই ঘটনা ৷

অজ্ঞাত স্হানৰ পৰা পৰা আহি পৰিয়ালটোৰ চোতালত তথা কাষৰ মানুহৰ ঘৰৰ দৰজাত উফৰি পৰিছেহি যথেষ্ট ডাঙৰ আকৃতিৰ পাথৰ আৰু ইটাৰ টুকুৰা ৷

এনে উফৰি পৰা শিলে পথেদি গৈ থকা এগৰাকী যুৱতীৰ ভৰিতো আঘাত কৰিছে৷উল্লেখযোগ্য যে,কালি দুপৰীয়াৰ পৰা আৰম্ভ হোৱা এই শিলাবৰ্ষণৰ দিনৰ প্ৰায় দুই বজালৈকে চলাৰ পাছত সাম কাটে য’দিও পুনৰ বিয়লি তিনিমান বজাৰ পৰা আৰম্ভ হয় ৷

সেইবাৰ এইঘটনা সন্ধিয়া প্ৰায় ছয় বজালৈকে চলে৷নিশা পুনৰ ১০বজাত এইঘটনাৰ পুণৰাবৃত্তি ঘটে নিশা ১২বজা পৰ্যন্ত৷এনে নাভূত নাশ্ৰুত কাণ্ডত পৰিয়ালটো আতংকিত হৈ পৰে ৷

এটা দৰিদ্ৰ সীমাৰেখাৰ তলৰ পৰিয়ালটোৰ বাসগৃহত সংঘটিত এই ঘটনাত বিনিদ্ৰ ৰজনী অতিবাহিত কৰে সদস্য সকলে৷নিশা চেগাচোৰোকাকৈ এনে ঘটনা ঘটি থকাৰ পাছত পুৱতি নিশা তিনিমান বজাত পুণৰ সাম কাটে য’দিও আজি পুৱা প্ৰায় আঠ বজাৰ পৰা আকৌ আৰম্ভ হয় একেই কাণ্ড ৷

এই বিষয়ে স্হানীয় সংবাদকৰ্মী সকল অৱগত হৈ ঘটনাস্থলীত উপস্থিত হোৱাৰ সময়ত শিলবৰ্ষণ বন্ধ হয়৷কিন্তু সংবাদকৰ্মী সকল পৰিয়ালটোৰ চৌহৰ পৰা আহি পদুলিত ৰোৱাৰ সময়তে পুণৰ পাতলীয়া ভাবে একেদৰেই শিল আহি পৰেহি পৰিয়ালটোৰ বাসগৃহ চোতালত ৷

উল্লেখযোগ্য যে,এই শিলাবৰ্ষণৰ ঘটনা প্ৰত্যক্ষ কৰা দাস আৰু একাংশ লোকে সদৰি কৰা মতে,যথেষ্ট উচ্চতালৈ দলিয়াই দিয়া শিলবোৰ উভটি আহি পৰেহি পৰিয়ালটোৰ চৌহদত৷একাংশ লোকে প্ৰকাশ কৰা মতে এই ঘটনা কোনো অচিনাক্ত দুস্কৃতিকাৰীয়ে পৰিয়ালটোৰ বাসগৃহৰ সমীপৰ পৰাই সংঘটিত কৰিছে ৷

আকস্মিক ভাবে আৰম্ভ হোৱা এই ঘটনাকলৈ ভুক্তভোগী পৰিয়ালটো আতংকিত হৈ পৰাৰ লগতে একাংশই এয়া ভৌতিক কাৰ্য বুলি প্ৰচাৰ চলোৱাই নহয়,আজি সংবাদকৰ্মী উপস্থিত থকাৰ সময়তে তাত উপস্থিত হয়হি এজন অচিনাক্ত ব্যক্তি ৷

ব্যক্তিজনে পৰিয়ালটোক এয়া এক ভৌতিক ঘটনা বুলি পতিয়ন নিয়াবলৈ অপচেষ্টা চলোৱাৰ লগতে এই বিপদ দূৰীকৰণৰ বাবে তেওঁৰ চিনাকী বেজ অনাৰ বাবেও পৰিয়ালটোক পতিয়ন নিওৱাৰ চেষ্টা কৰে৷তাৰ বাবে যথেষ্ট ধনৰো প্ৰয়োজন হ’ব বুলি আতংকগ্ৰস্হ পৰিয়ালটোৰ মুৰব্বী দাসক কৈ থকাৰ সময়তে সংবাদকৰ্মী কাষচাপি অহাত অচিনাক্ত লোকজনে ঘটনাস্থলী ত্যাগ কৰে ৷

উল্লেখযোগ্য যে, অঞ্চলটোত এটা পথ নিৰ্মাণৰ কাম চলি আছে আৰু পথত ব্যৱহাৰ কৰিবলৈ অনা পাত্থৰেই এই দুস্কাৰ্যত ব্যৱহাৰ কৰিছে অজ্ঞাত দুস্কৃতিকাৰীয়ে৷উল্লেখযোগ্য যে, এই ঘটনাৰ বিষয়ে এইপৰ্যন্ত পৰিয়ালটো আৰক্ষীৰ কাষ চপা নাই আৰু স্হানীয় একাংশই এই ঘটনাক কোনো দুস্কৃতিকাৰীৰ কাৰ্যতকৈ এক ভৌতিক কাণ্ড হিচাপে প্ৰতিষ্ঠা কৰাত অধিক গুৰুত্ব আৰোপ কৰিছে ৷

Exit mobile version