বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ বাণিজ্য শাখাৰ উদ্যোগত ফুড ফেষ্টিভেল অনুষ্ঠিত

WhatsApp Image 2021 11 25 at 6.16.31 PM

কোকৰাঝাৰৰ বড়োলেণ্ড বিশ্ববিদ্যালয়ত বাণিজ্য শাখাৰ উদ্যোগত বিশ্ব বাণিজ্য দিৱসৰ লগত সংগতি ৰাখি ফুড ফেষ্টিভেল অনুষ্ঠিত হয় । উক্ত ফুড ফেষ্টিভেলত বিশ্ব বিদ্যালয়খনৰ বাণিজ্য বিভাগৰ শিক্ষাৰ্থীসকলে বিভিন্ন ধৰণৰ দোকান খুলি ব্যৱসায় বাণিজ্যৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে বুলি শিক্ষাৰ্থীসকলে প্ৰকাশ কৰে ।

আজিৰ ফুড ফেষ্টিভেলত বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীসকলে পৰম্পৰাগত খাদ্যৰ লগতে অইন অইন খাদ্য সম্ভাৰৰো দোকান খুলি ভৱিষ্যত প্ৰজন্মক পথ দেখুৱাবলৈ চেষ্টা কৰিছে । উক্ত অনুষ্ঠানত উপস্থিত থাকি বাণিজ্য বিভাগৰ মুৰব্বী অধ্যাপক ডঃ অৰবিন্দ দেবনাথে সাংবাদিকৰ সাক্ষাৎকাৰত কয় যে, বাণিজ্য বিভাগৰ শিক্ষার্থীসকলে স্নাতকোত্তৰ উত্তীর্ণ হোৱাৰ পাছত যাতে নিবনুৱা হৈ থাকিব নালাগে তাৰ বাবে উক্ত কাৰ্যসূচী হাতত লোৱা হৈছে ।

লগতে অৰবিন্দ দেবনাথে আৰু কয় যে, শিক্ষার্থীসকলে নিজে স্বাৱলম্বী হোৱাৰ লগতে যাতে আন ১০ জনকো স্বাৱলম্বী কৰিব পাৰে তাৰ বাবেই এই পদক্ষেপ ।

Exit mobile version