‘স্ক্ৰেপ্’ বিক্ৰী কৰি ৬৩ কোটি আয় কেন্দ্ৰৰ

তিনি লক্ষাধিক অভিযোগৰ নিষ্পত্তি, কাগজৰ পৰিৱৰ্তে ডিজিটেল পদ্ধতিত গুৰুত্ব প্ৰদান

Screenshot 252

যোৱা দুই অক্টোবৰৰ পৰা ৩১ অক্টোবৰৰ সময়ছোৱাত কেন্দ্ৰীয় চৰকাৰে চৰকাৰী কাৰ্যালয়ত বিশেষ ‘ফাইল চাফাই’ অভিযান চলাই ১২.০১ লাখ বৰ্গফুট পৰিমাণৰ অঞ্চল ফাইল মুক্ত কৰিলে । আকাৰত প্ৰায় ২০ খন ফুটবল ফিল্ডৰ সমান অঞ্চল ইমানদিনে দখল কৰি আছিল চৰকাৰী কাৰ্যালয়ৰ বিভিন্ন নিষ্পত্তিহীন আৰু অব্যৱহৃত নথিপত্ৰৰ ফাইলে ।

উল্লেখ্য যে চৰকাৰী কাৰ্যালয়ৰ এইসমূহ ‘স্ক্ৰেপ্’ অৰ্থাৎ বৰ্জিতাংশ বিক্ৰীৰ জৰিয়তে কেন্দ্ৰীয় চৰকাৰে মুঠ ৬২.৫৪ কোটি টকাৰ ৰাজহো লাভ কৰিছে । যোৱা দুই অক্টোবৰত গান্ধী জয়ন্তীৰ দিনাৰ পৰাই কেন্দ্ৰীয় চৰকাৰৰ উদ্যোগত চৰকাৰী কাৰ্যালয়ত এই ফাইল পৰিষ্কৰণ আৰম্ভ কৰা হৈছিল আৰু এমাহ ধৰি চলোৱা অভিযানত ৩.০৩ লাখ ৰাজহুৱা অভিযোগ নিষ্পত্তি কৰা হয় । ইমানদিনে এই বৃহৎসংখ্যক চৰকাৰী নথিপত্ৰ আৰু অন্যান্য সামগ্ৰীয়ে চৰকাৰী কাৰ্যালয়, মন্ত্ৰণালয়ৰ কোঠাৰ লগতে অন্যান্য চৌহদত স্থান দখল কৰি আছিল । এইসমূহ দীৰ্ঘদিন ধৰি ব্যৱহাৰ নকৰা নথিপত্ৰ‌ই চৰকাৰী কৰ্যালয়ত স্থান দখল কৰাৰ লগতে কাৰ্যালয় চৌহদৰ সৌন্দৰ্য লাঘৱ কৰিছিল ।

দুই অক্টোবৰৰ পৰা মাহজোৰা ‌কাৰ্যসূচীৰে কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা এই পদক্ষেপৰ জৰিয়তে মুঠ ৩.৩০ লাখ ৰাজহুৱা অভিযোগ নিষ্পত্তিৰ লক্ষ্য নাৰ্ধাৰণ কৰা হৈছিল যদিও এই সময়ছোৱাত ৩.০৩ লাখ অভিযোগ নিষ্পত্তি কৰা হয় । নিৰ্ধাৰিত লক্ষ্যৰ তুলনাত ৯১.৬ শতাংশ লক্ষ্য পূৰণত সফল হয় কেন্দ্ৰীয় চৰকাৰৰ এই বিশেষ ফাইল চাফাই অভিযানে ।

তদুপৰি একে সময়ছোৱাত নিৰ্ধাৰিত ২৫,৯৭৮ টাৰ পৰিৱৰ্তে ২১,৫৪৭ টা ৰাজহুৱা অভিযোগৰ আবেদনৰো সমাধান কৰা হয় । পৰিসংখ্যা অনুসৰি, কেন্দ্ৰীয় চৰকাৰৰ অধীনস্থ কাৰ্যালয়ত প্ৰায় ৪৫.৫৪ লাখ চৰকাৰী ফাইল নিষ্পত্তি অবিহনে জমা হৈ আছিল । এইসমূহ ফাইলৰ পৰা অক্টোবৰত বিশেষ অভিযানৰ জৰিয়তে ৪৪.৮৯ লাখ ফাইল পৰীক্ষণ কৰি নিষ্পত্তি কৰা হয় আনহাতে, নিৰ্দিষ্ট প্ৰক্ৰিয়াত আবদ্ধ থকা ২৩.৬৯ লাখ ফাইলৰ ২১.৮৯ লাখ ফাইলৰ কামো এই সময়ছোৱাত সম্পূৰ্ণ কৰা হৈছিল । কেন্দ্ৰীয় মন্ত্ৰণালয়সমূহে এই সময়ছোৱাত ৬,১০১টা চাফাই অভিযান চলোৱাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছিল যদিও অক্টোবৰত মুঠ ৫,৯৬৮টা ফাইল চাফাই অভিযান সম্পন্ন হয় ।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নিৰ্দেশত কেন্দ্ৰীয় কেবিনেট সচিব ৰাজীৱ গাউবাই এখন পত্ৰৰ জৰিয়তে সকলো মন্ত্ৰণালয়ক কাৰ্যালয়ৰ চৌহদ পৰিষ্কৰণৰ বাবে বিশেষ ফাইল চাফাই অভিযান আৰু অভিযোগ নিষ্পত্তিকৰণৰ নিৰ্দেশ দিছিল । প্ৰশাসনিক সংস্কাৰ আৰু ৰাজহুৱা অভিযোগ বিভাগে এই অভিযানৰ চোৱাচিতা কৰিছিল । পৰিসংখ্যা অনুসৰি, সাংসদসকলে বিভিন্ন বিষয়ত উত্থাপন কৰা ১১,০৮৮টা অভিযোগ নিষ্পত্তিবিহীনভাৱে আছিল । ফাইল চাফাই অভিযানৰ অধীনত বিভিন্ন মন্ত্ৰণালয়ে সাংসদৰ এনেবোৰ অভিযোগৰ ৮,৭৬৫ টা অৰ্থাৎ ৭৯ শতাংশ অভিযোগৰ মীমাংসা কৰে ।

নিজৰ সমষ্টিত চৰকাৰী বিষয়াৰ বদলিকৰণ আৰু অন্যান্য প্ৰশাসনিক সিদ্ধান্ত, বিদ্যালয় স্থাপন আৰু অন্যান্য সা-সুবিধাৰ ব্যৱস্থাৰ সন্দৰ্ভত দেশৰ সাংসদসকলে এইদৰে বিভিন্ন প্ৰসংগত চৰকাৰী কাৰ্যালয়লৈ অভিযোগ, পৰামৰ্শ আদি প্ৰেৰণ কৰিছিল । এই অভিযানৰ সময়ছোৱাত বিভিন্ন ৰাজ্যৰ পৰা লাভ কৰা ৮৩ শতাংশ অভিযোগো নিষ্পত্তি কৰা হয় । ৰাজ্য চৰকাৰৰ বিভিন্ন মন্ত্ৰণালয়ৰ পৰা কেন্দ্ৰীয় চৰকাৰে লাভ কৰা ১,২৩৬টা অভিযোগৰ ১,০৩০টা অভিযোগ ফাইল চাফাই অভিযানৰ অধীনত মীমাংসা কৰা হয় । একেদৰে ২,২৬২টা সংসদীয় প্ৰতিশ্ৰুতি বিষয়ক অভিযোগৰো ১,০৬৪টাৰ এই সময়ছোৱাত নিষ্পত্তি কৰা হয় ।

চৰকাৰী কৰ্মক্ষেত্ৰসমূহক পৰিষ্কাৰ-পৰিচ্ছন্ন আৰু স্বাস্থ্যসন্মত কৰি ৰখাৰ লক্ষ্যৰে স্বচ্ছ। ভাৰত অভিযানৰ অভিযানৰ অধীনত কেন্দ্ৰীয় চৰকাৰৰ কাৰ্যালয়সমূহত এইদৰে দীৰ্ঘদিন ধৰি জমা হৈ থকা নথিপত্ৰ, আনুসংগিক সা-সামগ্ৰীসমূহ বৰ্জিতাংশ হিচাপে চৌহদৰ পৰা আঁতৰাবলৈ এই পদক্ষেপ গ্ৰহণ কৰা হৈছিল । ৰেল মন্ত্ৰণালয়, পথ, পৰিবহণ আৰু ৰাষ্ট্ৰীয় ঘাইপথ মন্ত্ৰণালয়ত সৰ্বাধিকসংখ্যক অমীমাংসিত ফাইল নিষ্পত্তি কৰি কাৰ্যালয়ৰ চৌহদ বৰ্জিতাংশমুক্ত কৰা হয় এই অভিযানৰ জৰিয়তে । ৰেল মন্ত্ৰণালয়ে সাংসদৰ জৰিয়তে কমেও ২,৭০০টা বিভিন্ন বিষয়ত অনুৰোধ আৰু অভিযোগ লাভ কৰিছিল আৰু ইয়াৰে ১,৭০০টা অভিযোগৰ মীমাংসা এই সময়ছোৱাত কৰা হয় । একেদৰে পথ আৰু ৰাষ্ট্ৰীয় ‌পথ মন্ত্ৰণালয়ে সাংসদৰ পৰা ন শতাধিক অভিযোগ-পৰামৰ্শ লাভ কৰিছিল আৰু ইয়াৰে চাৰিশ অভিযোগ নিষ্পত্তি কৰা হয় ।

কেন্দ্ৰীয় চৰকাৰৰ এক সূত্ৰ‌ই প্ৰকাশ কৰা অনুসৰি, চৰকাৰে সম্প্ৰতি কাৰ্যালয়সমূহৰ কাম-কাজত কাগজৰ ফাইলৰ পৰিৱৰ্তে ইলেক্ট’নিক পদ্ধতিৰ ব্যৱহাৰত অধিক গুৰুত্ব দিছে । চৰকাৰী কাৰ্যালয়ৰ কাম-কাজ ডিজিটেল পদ্ধতিৰে সম্পন্ন হ’লে কাৰ্যালয়ৰ চৌহদ অপ্ৰয়োজনীয় কাগজৰ নথিপত্ৰৰে ভৰি পৰা আৰু কাৰ্যালয়ৰ সৌন্দৰ্য লংঘন হোৱাৰ সম্ভাৱনা সীমিত হ’ব । এনেবোৰ কাৰণত কেন্দ্ৰীয় চৰকাৰে সম্প্ৰতি চৰকাৰী কাম-কাজত ডিজিটেল পদ্ধতিৰ ব্যৱহাৰত অধিক গুৰুত্ব দিছে ।

Exit mobile version