(১) ডায়েবেটিচ নিয়ন্ত্ৰণ
মেথিৰ (Fenugreek) গুটিত প্ৰচুৰ পৰিমাণে ফাইবাৰ আৰু বিভিন্ন উপাদান থাকে যি হজম বৃদ্ধি কৰে আৰু শৰীৰক কাৰ্বোহাইড্ৰেট আৰু শৰ্কৰা শোষণ কৰাৰ পৰা নিয়ন্ত্ৰণত ৰাখে। মেথি খোৱাৰ ফলত শৰীৰত ইনচুলিন(Insulin) নিঃসৰণৰ স্তৰ বহুগুণে বৃদ্ধি হয়। মেথিয়ে তেজৰ ইউৰিন আৰু গ্লুকোজ হ্ৰাস কৰাত সহায় কৰে। ফলস্বৰূপে, ডায়েবেটিচ নিয়ন্ত্ৰণ কৰিব পাৰি। দিনত কমেও এবাৰ মেথিৰ ৰস খালে ডায়েবেটিচ হ্ৰাস কৰিব পাৰে।
(২) কলেষ্টেৰল হ্ৰাস কৰে
মেথি কেৱল যে তেজত উপস্থিত কলেষ্টেৰলৰ পৰা পৰিত্ৰাণ পোৱাত সহায় কৰে সেয়াই নহয়। ই লাহে লাহে আপোনাৰ শৰীৰক কলেষ্টেৰলৰ ক্ষতিৰ পৰাও সুৰক্ষিত কৰে। মেথিয়ে শৰীৰত লিপো বা বেয়া প্ৰ’টিন হ্ৰাস কৰে। ই লিভাৰৰ পৰা উৎপন্ন হোৱা তৰল চৰ্বিযুক্ত খাদ্যৰ পৰা নিৰ্গত ট্ৰাইগ্লিচাৰাইডৰ (Triglycerides)ৰ শোষণৰ মাত্ৰাও হ্ৰাস কৰিবলৈ সক্ষম।
(৩) আৰ্থ্ৰাইটিছৰ বিষ হ্ৰাস কৰে
আৰ্থ্ৰাইটিছৰ বিষ ৪০ বছৰতকৈ অধিক বয়সৰ লোকৰ বাবে এক ডাঙৰ সমস্যা। ইণ্ডিয়ান জাৰ্নেল অফ মেডিকেল ৰিচাৰ্ছৰ প্ৰতিবেদন অনুসৰি, মেথি এষ্ট্ৰোজেনৰ ওপৰত প্ৰভাৱ ইমানেই অধিক যে চিকিৎসকসকলে বৰ্তমান মেথিৰ ব্যৱহাৰক “Estrogen Replace Galactomannan”ৰ স’তে তুলনা কৰি আছে। মেথিয়ে আৰ্থ্ৰাইটিছৰ তীব্ৰ বিষ আৰু বেদনা হ্ৰাস কৰাত সহায় কৰে।
(৪) হৃদযন্ত্ৰৰ স্বাস্থ্য সুৰক্ষিত
হৃদযন্ত্ৰৰ স্বাস্থ্য সুৰক্ষিত কৰাত মেথিয়ে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। মেথিয়ে শৰীৰৰ পৰা এচিডৰ পৰিমাণ দ্ৰুততাৰে হ্ৰাস কৰে। মেথি হৈছে এচিডৰ স্তৰ নিয়ন্ত্ৰণ কৰাৰ বাবে এক কাৰ্যকৰী ভেষজ। যদি মেথিৰ গুটি গোটেই ৰাতি পানীত তিয়াই ৰখা হয় আৰু পাছদিনা শুই উঠি খালী পেটত খাই তেন্তে হৃদযন্ত্ৰৰ বিষ বা হৃদযন্ত্ৰৰ জ্বলা-পোৰা আৰু ঔষধ নোলোৱাকৈ ঘৰুৱা ভাৱে হৃদযন্ত্ৰৰ বিভিন্ন সমস্যা হ্ৰাস হ’ব।
(৬) হজম বৃদ্ধি কৰে
মেথিগুটিত যথেষ্ট ফাইবাৰ আৰু অন্যান্য উপাদান থাকে যি হজম বৃদ্ধি কৰে, বিষাক্ত পদাৰ্থ বোৰ উলিয়াই দিয়ে আৰু শৰীৰৰ চেনী শোষণ কৰাৰ ক্ষমতা নিয়ন্ত্ৰণ কৰে। ৰাতিপুৱা খালি পেটত মেথি তিয়াই থোৱা পানী খালে লাহে লাহে হজমৰ সমস্যা আঁতৰ হয়।
(৭) কৰ্কট ৰোগ
বৰ্তমান সময়ত এক গৱেষণাত দেখুওৱা হৈছে যে মেথি ব্যৱহাৰ কৰিলে কৰ্কট ৰোগ হোৱাৰ আশংকা হ্ৰাস হয়। কৰ্কট ৰোগৰ পৰা পৰিত্ৰাণ পাবলৈ ৰন্ধনত মেথি ব্যৱহাৰ কৰিবলৈ কয় চিকিৎসকে।
(৯) ওজন হ্ৰাস
ওজন হ্ৰাস কৰিবলৈ মেথিৰ উপকাৰিতা অপৰিসীম। মেথিগুটি হৈছে লো, মেগনেছিয়াম, মেঙ্গানিজ, ভিটামিন-বিC6, প্ৰ’টিন, খনিজ, ভিটামিন আৰু খনিজ পদাৰ্থৰ উৎস। মেথি এণ্টিঅক্সিডেণ্ট আৰু এণ্টি-ইনফ্লেমেটৰী গুণাগুণ বিদ্যমান। মেথিবীজত ‘গালাক্টোমান্নান’ নামেৰে জনাজাত ফাইবাৰ থাকে আৰু সহজে পানীত গলে। এই ফাইবাৰে ওজন হ্ৰাস কৰাত সহায় কৰে। ই শৰীৰৰ বিপাক ক্ৰিয়াবৃদ্ধি কৰে, যাৰ ফলত চৰ্বি হ্ৰাস হয় ।
(১০) কিডনীৰ কাৰ্যকাৰিতা বৃদ্ধি পায়
“Phytotherapy Research”-গৱেষণা অনুসৰি, কেলচিয়াম অক্সালেট জাতীয় কিডনীৰ পাথৰ প্ৰতিৰোধ কৰিবলৈ মেথি সক্ষম।
(১১) পাচন তন্ত্ৰ
বৰ্তমান অত্যাধিক ভেজাল খাদ্য সেৱনৰ বাবে আমাৰ পাচন তন্ত্ৰ নিৰন্তৰ অৱনতি ঘটে।লগতে পেটৰ বিভিন্ন সমস্যাও হয়। সেয়েহে, পাচন তন্ত্ৰ ভাল ৰাখিবলৈ, দৈনিক মেথি খাওক।
(১২) হৃদয় ভালে ৰাখে
মেথি খোৱাৰ ফলত শৰীৰ আৰু মন দুয়োটা ভালে থাকে ।সেয়ে চিকিৎসকে মেথি খোৱাৰ পৰামৰ্শ দিয়ে ।নিয়মিত মেথি খালে হাৰ্ট এটেক হোৱাৰ সম্ভাৱনা কম হয়।