ISRO : হেক কৰা হ’ব অসম্ভৱ, এইবাৰ এনে টেলিযোগাযোগ ব্যৱস্থা প্ৰস্তুত কৰিছে ইছৰ’‌ই

bt22gifg isro chief k sivan afp

কোনো কাৰণতে ‘হেক’ কৰা সম্ভৱ নহয়, ভাৰতত এনে টেলিযোগাযোগ ব্যৱস্থা গঢ়ি তোলা হ’ব । সেয়া হ’ব পৃথিৱীৰ কক্ষপথত প্ৰেৰণ কৰা বিভিন্ন উপগ্রহৰ মাধ্যমত । ভাৰতীয় মহাকাশ গৱেষণা সংস্থা ইছৰ’ৰ চেয়াৰমেন কে শিৱনে এই কথা জনাইছে ।

তেওঁ কয়, ‘‘আগন্তুক সময়ত যিসমূহ প্রযুক্তি অতি তাৎপর্যপূর্ণ হৈ উঠিব তাৰ অন্যতম হেক-প্রুফ কোৱান্টাম কমিউনিকেছন । যাৰ মাধ্যমত দেশৰ যাৱতীয় টেলিযোগাযোগ ব্যৱস্থাক হেকিঙৰ বিপদৰ পৰা মুক্ত কৰা সম্ভৱ হ’ব ।’’

‘ডিটিডিআই-টেকনোলজি কনক্লেভ ২০২১’ত শিৱনে এইটোও জনাইছে যে, লগতে আৰু কিছুসংখ্যক প্রযুক্তিক লৈ সম্প্ৰতি গৱেষণা আৰু উন্নয়নত ব্যস্ত ইছৰ’ৰ বিজ্ঞানীসকল । দেশীয় পদ্ধতিত প্ৰস্তুত কৰা এই প্রযুক্তিসমূহে ইছৰ’-ক আমেৰিকাৰ মহাকাশ গৱেষণা সংস্থা নাছা আৰু ৰুছ মহাকাশ গৱেষণা সংস্থা ৰছক’ছম’ছ-ৰ স’তে প্রতিযোগিতাত শক্তি জোগাব ।

সেই প্রযুক্তিসমূহ কি কি সেয়াও ব্যাখ্যা কৰিছে ইছৰ’ৰ চেয়াৰমেনে । শিৱনে কয়, ‘‘সেই প্রযুক্তিসমূহৰ ভিতৰত অন্যতম- মহাকাশত বৰ্দ্ধিত উত্তৰোত্তৰ বর্জ্য বা আবর্জনাৰ (‘স্পেছ ডেব্রি’ বা ‘স্পেছ জাংক’) পৰিমাণ হ্ৰাস কৰাৰ ব্যৱস্থা কৰা । এনে প্রযুক্তি যাতে কোনো ৰকেট বা মহাকাশযানেই সেই আবর্জনাসমূহ খাই দিব পাৰে । ইয়াৰ উপৰি চোৰাংচোৱাক অধিক নিখুঁত কৰি তুলিবলৈ কোৱান্টাম ৰাডাৰ প্ৰস্তুত কৰা হ’ব । সেই ৰাডাৰ স্থাপন কৰা হ’ব মহাকাশতেই । তদুপৰি, ইছৰ’ক কৃত্রিম বুদ্ধিমত্তাৰ দ্বাৰা পৰিচালিত মহাকাশযান, লেণ্ডাৰ আৰু ৰোভাৰ বনোৱা হৈছে ।’’

Exit mobile version