চিৰাঙত বন বিভাগৰ অভিযানত হাতী দাঁতসহ গ্ৰেপ্তাৰ এজন

WhatsApp Image 2021 11 26 at 4.05.43 PM

চিৰাঙত বন বিভাগৰ অভিযানত দুটা হাতী দাঁতৰ স’তে গ্ৰেপ্তাৰ এজন । চিৰাং বন সংমণ্ডল বিষয়া ব্ৰহ্মানন্দ পাতৰীয়ে জনায় যে বিশেষ তথ্যৰ ভিত্তিত যোৱা নিশা বন বিভাগে এছএছবিৰ সহযোগত ভূটান সীমান্তৰ ৰুনিখাতা থানা তথা ৰুনিখাতা বনাঞ্চলৰ অধীনস্থ কৰাইবাৰীত অভিযান চলাইছিল ।

অভিযানত পাঁচ কিলোগ্ৰাম ওজনৰ দুটা হাতী দাঁতসহ ৰাম কিস্কু(২৫) নামৰ এজন লোকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় বন বিভাগৰ লোকে । বিগত কিছু দিনৰ পৰা জিলাখনত হাতী দাঁতৰ স’তে কে’বাজনো লোকক বন বিভাগে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছিল । সন্দেহ কৰা হৈছে হাতী দাঁতৰ আন্তৰ্জাতিক ব্যৱসায়ী চক্ৰৰে জড়িত চক্ৰ এটা সক্ৰীয় হৈ আছে চিৰাঙত । যাৰ বাবে বন বিভাগে সঘনাই হাতীৰ দাঁতৰ স’তে মানুহ গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে ।

ইতিমধ্যে ঘন অৰন্যত বন্যহস্থীৰ জকাও উদ্ধাৰ হৈছিল দুমাহ পূৰ্বে । হাতীদাঁতৰ চক্ৰটোৱে দাঁতৰ বাবে হাতী হত্যা কৰা বুলি সন্দেহ কৰা হৈছে । ৰুনিখাতা বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়ত চিৰাং সংমণ্ডল বন বিষয়া(ডএফঅ’) ব্ৰহ্মানন্দ পাতৰীয়ে হাতীৰ দাঁতৰ স’তে গ্ৰেপ্তাৰ কৰা লোকজনক অধিক তথ্যৰ বাবে জেৰা চলাই আছে ।

Exit mobile version