প্ৰধানমন্ত্ৰী ক্ষুদ্ৰ খাদ্য সংশাধীকৰণ আঁচনিৰ সজাগতা সভা

WhatsApp Image 2021 11 26 at 5.56.27 PM 1

অসম ঔদ্যোগিক উন্নয়ন নিগমৰ উদ্যোগত আৰু অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ সহযোগত আজি হাউলীস্থিত ভৱানীপুৰ উন্নয়ন খণ্ডৰ কাৰ্যালয়ত প্ৰধান মন্ত্ৰী ক্ষুদ্ৰ খাদ্য সংশাধীকৰণ উদ্যোগৰ আনুষ্ঠানিকৰণ আঁচনিৰ ওপৰত এখন সজাগতা সভা অনুষ্ঠিত হয় । ভৱানীপুৰ আঞ্চলিক পঞ্চায়তৰ সভাপতি বিল্লাল হুছেইনৰ পৌৰহিত্যত অনুষ্ঠিত হোৱা সভাখনত ভৱানীপুৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত কে’বাটাও মহিলা আত্মসহায়ক গোটৰ পৰা শতাধিক সদস্যই অংশগ্ৰহণ কৰে ।

প্ৰধানমন্ত্ৰী ক্ষুদ্ৰ সংশাধীকৰণ উদ্যোগৰ আনুষ্ঠানিকৰণ আঁচনিৰ ৰাজ্যিক প্ৰধান ধ্ৰুৱজিৎ শৰ্মাই উপস্থিত থাকি আত্মসহায়ক গোটৰ সদস্যাসকলক আঁচনিখনৰ ওপৰত বিশদভাৱে বিৱৰণ দাঙি ধৰে । লগতে তেওঁ কয় যে এই আঁচনিৰ জৰিয়তে গ্ৰাম্যাঞ্চলৰ মহিলাসকলক স্বাৱলম্বী হোৱাৰ দিশত বিশেষভাৱে সহায় কৰিব ।

উক্ত সজাগতা সভাখনত আচঁনিখনৰ খাদ্য প্ৰযুক্তিকৰণৰ প্ৰৱন্ধক হেমন্ত কুমাৰ শৰ্মাই বিশেষকৈ দুগ্ধ জাতীয় সামগ্ৰীৰ প্ৰস্তুতিকৰণৰ ওপৰত বক্তব্য আগবঢ়োৱাৰ ওপৰিও আচাৰ বনোৱা, মচলা প্ৰস্তুতকৰণ ইত্যাদিৰ ওপৰতো বক্তব্য আগবঢ়াই মহিলাসকলক অধিক মনোগ্ৰাহী কৰি তোলে । তদুপৰি অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ District Functional Expert প্ৰণামিকা পাঠকে অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ অধীনত আত্মসহায়ক গোটসমূহে কৰি থকা ক্ষুদ্ৰ উদ্যোগৰ ওপৰত বিস্তৃতভাৱে বক্তব্য দাঙি ধৰে ।

Exit mobile version