কপিলীৰ চাপৰিত সেউজ বিপ্লৱৰ সূচনা কৰিছে কামপুৰৰ এদল যুৱকে

ডেৰশ বিঘা মাটিত কৰিছে সৰিয়হৰ খেতি

IMG 20211126 WA0004

“মন কৰিলেই ছন, বাকৰি মাটিটো ধন” এই আপ্তবাক্যশাৰীকেই সৰোগত কৰি নগাঁও জিলাৰ কামপুৰত কপিলীৰ চাপৰিত এক সেউজ বিপ্লৱৰ সূচনা কৰিছে নগাঁও জিলাৰ কামপুৰৰ এদল কৰ্মঠ যুৱকে ।হোজাই জিলাৰ সীমান্তৱৰ্তী কামপুৰৰ পটিয়াপাম চাপৰিত কামপুৰ অঞ্চলৰ ১৫ জনীয়া শিক্ষিত নিবনুৱা যুৱকৰ দল এটাই এই সেউজ বিপ্লৱ আৰম্ভ কৰিছে । এই কৰ্মঠ যুৱকৰ দলটোৰ আশাবোৰে যেন এতিয়া কপিলীৰ পাৰত ঠন ধৰি উঠিছে । কেৱল চৰকাৰী চাকৰিৰ পাছে পাছে দৌৰি সময় নষ্ট নকৰি তেওঁলোকে নিজৰ গাঁঠিৰ ধন ভাঙি ডেৰশ বিঘা মাটিত সৰিয়হৰ খেতি কৰিছে ।

ইতিমধ্যে তেওঁলোকৰ সপোনৰ সৰিয়হ ডৰা দূৰ দিগন্তলৈকে হালধীয়া হৈছে । যি ফালেই চোৱা যায় সেইফালেই কেৱল হালধীয়া আৰু হালধীয়া । সপোনৰ সৰিয়হ খেতি ডৰা ফুলিবলৈ ধৰাত হাঁহি বিৰিঙিছে যুৱক কেইজনৰ মুখত । কৃষি বিভাগৰ কোনো সহায় নোহোৱাকৈ যুৱক কেইজনে কৰা ডেৰশ বিঘা সৰিয়হ খেতিৰ পৰা অধিক লাভাম্বিত হ’ব বুলি আশা কৰিছে ।

কেৱল সৰিয়হেই নহয় ৰঙালাউ আৰু গোমধান খেতিও কৰিছে এই যুৱকসকলে । কপিলী চাপৰিত কৃষি কৰ্মৰ জৰিয়তে জীৱনৰ বাট বুলা এই যুৱকৰ দলটোৰ নেতৃত্বত আছে দেৱাশীষ বৰা, মৃন্ময় শইকীয়া, দীপাংকৰ বৰুৱা, অৰ্ণৱ বৰুৱা, সুৰুজ বৰা, মন্টু বৰা, বিপুল বৰা, জগত ফুকন আৰু পদুম শইকীয়া । এই যুৱকৰ দলটোৰ আৰু অধিক পৰিকল্পনা আছে । কিন্তু ইয়াৰ বাবে প্ৰয়োজন কৃষি বিভাগৰ সহায় আৰু সহযোগিতাৰ ।

উল্লেখ্য যে, নিৱনুৱা সমস্যাই ৰাজ্যখনত ভয়াৱহ ৰূপ ধাৰণ কৰাৰ সময়তে কামপুৰৰ পটিয়াপামৰ যুৱকসকলে কৃষি কৰ্মৰ জৰিয়তে স্বাৱলম্বী হোৱাৰ প্ৰচেষ্টাক সকলোৱে শলাগ লৈছে । এতিয়া এই যুৱকৰ দলটো আন নিবনুৱাসকলৰ বাবেও আদৰ্শস্বৰূপ হৈ পৰিছে ।

Exit mobile version