অগপৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভাত ব্যাপক সাংগঠনিক আৰু নিৰ্বাচন কেন্দ্ৰিক তৎপৰতা

7012f6d7 4319 48ac 8ad1 81d3512c1da4

অসম গণ পৰিষদ দলৰ এখন গুৰুত্বপূৰ্ণ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভা দলৰ সভাপতি অতুল বৰাৰ সভাপতিত্বত আজি গুৱাহাটীৰ দিশপুৰস্থ ‘সন্মিলন ও প্ৰশিক্ষণ কেন্দ্ৰ, অসম গড়কাপ্তানী গৃহ আৰু ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মান’ প্ৰেক্ষাগৃহত অনুষ্ঠিত হয়।

সভাত সমাগত পৌৰ সভা, পৌৰ নিগমৰ নিৰ্বাচন সম্পৰ্কে বিস্তৃত ভাবে আলোচনা কৰি দুখনকৈ ৰাজ্যিক পৰ্যায়ৰ নিৰ্বাচনী সমিতি গঠন কৰাৰ লগতে ইতিপূৰ্বে গঠন কৰা লোকসভা সমষ্টি ভিত্তিক সমিতিক স্থানীয় ভাবে নিৰ্বাচনী ৰণকৌশল গ্ৰহণ কৰাৰ লগতে সাংগঠনিক তৎপৰতা ক্ষীপ্ৰ কৰিবলৈ আহ্বান জনায়।

সভাই পৌৰ সভা এলেকা ভিত্তিত একোখন নিৰ্বাচনী সমিতি গঠন কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে। সভাত পূৰ্ণ প্ৰস্তুতি আৰু শক্তিৰে নিৰ্বাচন ৰ বাবে সাজু হ’বলৈ সকলো দলীয় সদস্যক আহ্বান জনায়।

১০ ডিচেম্বৰ তাৰিখৰ শ্বহীদ দিৱস কেন্দ্ৰীয় ভাবে দিশপুৰ বিধান পৰিষদৰ উদ্যোগত অনুষ্ঠিত কৰাৰ লগতে দলৰ সকলো বিধান পৰিষদকে শ্বহীদ দিৱস পালন কৰিবলৈ আহ্বান জনায়।

ড০ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি, অগপ আৰু ইউ পি পি এলৰ মিত্ৰজোঁট ৰ চৰকাৰখনে ৰাজ্যখনৰ উন্নয়ন আৰু বিকাশৰ লগতে অসমৰ সুৰক্ষিত ভবিষ্যতৰ কাৰণে গ্ৰহণ কৰা পদক্ষেপক আদৰণি জনায়।

আন এক সিদ্ধান্ত মৰ্মে দলৰ সকলো ভাতৃ ভগ্নী সংগঠনকে অহা সাত দিনৰ ভিতৰত কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত কৰি সভাৰ সিদ্ধান্ত তথা কৰ্মসূচী দলৰ কেন্দ্ৰীয় সমিতি লৈ প্ৰেৰণ কৰিবলৈ আহ্বান জনোৱা হয়।

সভাত দলৰ কাৰ্যকৰী সভাপতি কেশৱ মহন্ত, জ্যেষ্ঠ নেতা ফনীভূষণ চৌধুৰী, সাধাৰণ সম্পাদক ৰমেন্দ্ৰ নাৰায়ণ কলিতা, ডা০ কমলাকান্ত কলিতা, বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য, প্ৰদীপ হাজৰিকা, প্ৰবীণ হাজৰিকা, হিৰণ্য কুমাৰ কোৱঁৰ, নুৰুল হুছেইন, ভূপেন ৰায়, মনোজ শইকীয়া, সত্যব্ৰত কলিতা, বিমলেন্দু সিংহ, উপ-সভাপতি কুমাৰ দীপক দাস, ৰেণুপমা ৰাজখোৱা, সুনীল ডেকা, সুনীল ৰাজকোঁৱৰ, কেশৰাম বৰা, নৃপেন বৰুৱা, প্ৰশান্ত কুমাৰ বৰুৱা, ডা০ তাৰা প্ৰসাদ দাস আদি উপস্থিত থাকে।

সভাত সভাপতি অতুল বৰাই দলটোক অধিক জনমুখি কৰি সাংগঠনিক দিশ শক্তিশালী কৰাত গুৰুত্ব আৰোপ কৰাৰ লগতে আটাইকেইটা ভাতৃ ভগ্নী সংগঠনকে বিভিন্ন কাৰ্যসূচী ৰ জৰিয়তে সাংগঠনিক ব্যৱস্থা সম্প্ৰসাৰিত কৰিবলৈ পৰামৰ্শ দিয়ে। বৰাই লগতে পৌৰ সভা নিৰ্বাচনৰ বাবে স্থানীয় ভাবে সাংগঠনিক তৎপৰতা বৃদ্ধি কৰাত গুৰুত্ব দিয়ে।

Exit mobile version