আহোমৰ দ্বিতীয় ৰাজধানী চ’ৰগুৱাত ৰজাদিনীয়া সামগ্ৰী উদ্ধাৰ

IMG 20211126 WA0012

জৰ্ৱকাডৰ শ্ৰমিকে নলা খান্দোতে ওলাল কাঁহী, বাতিকে ধৰি বহুবিধ সামগ্ৰী আহোম ৰাজত্বৰ দ্বিতীয় ৰাজধানী ঐতিহাসিক চৰ’গুৱাৰ মাজুমেলীয়া গোহাঁইগাঁও পথাৰত আজি বহু বিধ ৰজাদিনীয়া কাঁহৰ কাঁহী, বাতি, লোটা উদ্ধাৰ হয় ।

চৰ’গুৱা গাওঁ পঞ্চায়তৰ এটা দ নলা খান্দি থকা জৱকাৰ্ডৰ শ্ৰমিকে কাম কৰি থকা অৱস্থাত সামগ্ৰী সমুহ প্ৰত্যক্ষ কৰে। হাতীখুজিয়া বাতি, বিভিন্ন চিহ্ন সম্বলিত কাঁহৰ কাঁহী উদ্ধাৰ হোৱাৰ লগতে উক্ত স্থানত আৰু বহু সম্পদ উদ্ধাৰ হোৱাৰ সম্ভাৱনা আছে ।

ইতিমধ্যে জৱকাৰ্ডৰ শ্ৰমিক সকলে এই আপুৰুগীয়া সম্পদ সমূহ ঘৰলৈ বুলি লৈ গৈছিল ফলত ৰাইজে ডিমৌ ৰাজহ বিষয়াক বিষয়টো অৱগত কৰে।

পাছত ডিমৌ ৰাজহ চক্ৰ বিষয়া ফিলিছ ৰাংচাল আৰু ডিমৌ আৰক্ষী ঘটনাস্থলীত উপস্থিত হয় আৰু পঞ্চায়ত কামত দায়িত্ব থকা ব্যক্তি কেইজনে শ্ৰমিক তথা স্থানীয় ৰাইজৰ পৰা সম্পদ সমুহ আনি প্ৰশাসনৰ ওচৰত চমজাই দিয়ে বুলি চৰ’গুৱা বাসীক জানিবলৈ দিয়ে।

উল্লেখযোগ্য যে বহু দিনৰ পৰাই স্থানীয় সচেতন ৰাইজ তথা দল সংগঠনে ঐতিহাসিক চ’ৰগুৱাৰ মৈদামৰ লগতে ইয়াৰ দাঁতিকাষৰীয়া ভুখণ্ডক সংৰক্ষণৰ দাবী জনায় আহিছে যদিও আজি কোপতি পুৰাতত্ত্ব বিভাগ অথবা জিলা প্ৰশাসনে এই বিষয়ত কোনো পদক্ষেপ গ্ৰহণ কৰা নাই।

আজি উদ্ধাৰ হোৱা ইতিহাস বিজড়িত এই সম্পদ সমূহে পুনৰ চৰ’গুৱাত যে বহু বুৰঞ্জী লুকাই আছে সেই কথা প্ৰতিপন্ন কৰিলে। ইয়াৰ পাছত জিলা প্ৰশাসন তথা পুৰাতত্ত্ব বিভাগে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষণীয় হ’ব।

Exit mobile version