বাগসা জিলা এবছুৰ বাৰ্ষিক অধিৱেশন উপলক্ষে মইনামাতাৰ হেলচিগুৰীত লাইখুঁটা স্থাপন

be0dbded 5641 49cd a3c4 cf2184babc0d

অহা সাত,আঠ আৰু ন জানুৱাৰীত বাগসা জিলাৰ খাৰিজা বিজনীৰ মইনামাতা হেলচিগুৰিত অনুষ্ঠিত হ’ব বাগসা জিলা এবছুৰ বাৰ্ষিক অধিৱেশন৷

সেই উপলক্ষে আজি মইনামাতাৰ হেলচিগুৰিত অধিৱেশনখনৰ লাইখুঁটা স্থাপন কৰা হয়৷লাইখুঁটা স্থাপন কৰে এবছুৰ বাগসা জিলা সভাপতি উমেশ দৈমাৰীয়ে৷ধৰ্মীয় ৰীতি নীতিৰে লাইখুঁটা স্থাপন কৰি দৈমাৰীয়ে অধিৱেশনখন সাফল্যমণ্ডিত কৰাৰ বাবে ৰাইজৰ সহায় সহযোগিতা কামনা কৰে৷

উল্লেখ্য যে অনুষ্ঠানটোত বাগসা জিলা এবছুৰ সাধাৰণ সম্পাদক নন্দেশ্বৰ বড়ো,মুখপাত্ৰ কুমুদ বড়ো,কোষাধ্যক্ষ বীৰকং বড়ো,শিক্ষা সম্পাদক নিতু কুমাৰ ব্ৰহ্ম,গোৱৰ্ধনা আঞ্চলিক এবছুৰ সাধাৰণ সম্পাদক চানচুমা বসুমতাৰী,হাউলী আঞ্চলিক এবছুৰ সভাপতি দেটবংশ মুছাহাৰী,সম্পাদক মনীন্দ্ৰ বসুমতাৰী,মথনগুৰি পৰিষদীয় সমষ্টিৰ টিচিএলচিচিৰ উপাধ্যক্ষ যোগেশ্বৰ বসুমতাৰী, সমাজ কৰ্মী বানাসিং গয়াৰীৰ লগতে বহুসংখ্যক এবছু কৰ্মী আৰু ৰাইজ উপস্থিত থাকে৷

Exit mobile version