বিবাহৰ পাছত প্ৰতি বছৰে গৰ্ভধাৰণ মহিলাৰ:অচিৰে জন্ম দিব ১২ সংখ্যক সন্তান

09 20 bad pregnancy food featured

আমেৰিকা নিবাসী এগৰাকী মহিলাই বিবাহৰ পাছৰে পৰা প্ৰতি বছৰে গৰ্ভধাৰণ কৰি আহিছে আৰু অচিৰে তেওঁ ১২ সংখ্যক সন্তান প্রসৱ কৰিব।

আজিৰ দিনতো আমেৰিকাৰ দৰে দেশত মহিলাই ১২ টাকৈ সন্তান জন্ম দিয়া আৰু বিয়াৰ পাছত প্ৰতিটো বছৰত গৰ্ভধাৰণ কৰাৰ কথা এক অকল্পনীয় ঘটনা। এইদৰে ইমান বৃহৎ সংখ্যক সন্তান জন্ম দিয়াৰ বাবে সামাজিক মাধ্যমত এই মহিলাই সমালােচনাৰে সন্মুখীন হৈছে।

কিন্তু এনে সমালােচনাৰ পাছতত নিজৰ স্থিতিত অটল আছে ক’র্টনী ৰ’জাৰ্ছ নামৰ মহিলাগৰাকী।ক’র্টনীয়ে প্রকাশ কৰা অনুসৰি বিবাহৰ পাছৰে পৰা তেওঁ আৰু স্বামীয়ে কোনাে গর্ভনিৰােধক ব্যৱহাৰ কৰা নাই আৰু ফলত প্রতি বছৰে তেওঁ গৰ্ভধাৰণ কৰি সন্তান জন্ম দি আহিছে।

“নিউয়র্ক প’ষ্ট’ৰ বাতৰি অনুসৰি, ক’র্টনী আমেৰিকাৰ নিউ মেক্সিকোৰ বাসিন্দা আৰু তেওঁ ইনস্টাগ্রামত যথেষ্ট জনপ্রিয়। ৩৭ বছৰীয়া ক’র্টনীয়ে অচিৰে ১২ সংখ্যক সন্তান জন্ম দিব।

বর্তমানে ১১ টা সন্তানক ক’ৰ্টনীয়ে নিজে চোৱা- চিতা কৰি আহিছে। ক’র্টনীৰ সবাতােকৈ ডাঙৰ সম্ভানৰ বয়স ১১ বছৰ আৰু কনিষ্ঠ সম্ভানৰ বয়স এবছৰ।

ক’র্টনীয়ে কয় যে মাতৃত্ব অর্জন কৰি তেওঁ যথেষ্ট আনন্দ অনুভৱ কৰে আৰু সেয়েহে স্বামীৰ ইচ্ছাত ১২ টাকে সন্তান জন্ম দিয়াৰ সিদ্ধাও লৈছিল । অহা মার্চ ক’র্টনীয়ে ১২ সংখ্যক সন্তানটো জন্ম দিব।

Exit mobile version