আজিকালি কম বয়সতে কিছুমানৰ কপালত বলিৰেখা স্পষ্ট হৈ পৰে। অতি কম বয়সতে বয়সৰ চাপ পৰা বাবে বহুতে মানসিকভাৱে দুৰ্বল হৈ পৰে। বিশেষকৈ যুৱতী অথবা কম বয়সীয়া মহিলাই এনেধৰণৰ সমস্যাৰ সন্মুখীন হ’লে মানসিকভাৱে দুর্বল হােৱা বাবে বলিৰেখাৰােৰ অধিক স্পষ্ট হােৱা দেখা যায়। এনেধৰণৰ সমস্যাৰ পৰা হাত সাৰিবলৈ কিছুমান বিষয়ত গুৰুত্ব প্রদান কৰিব লাগিব। কিছুমানৰ বদ অভ্যাসৰ বাবেও এনেধৰণৰ সমস্যাই সহজেই গা কৰি উঠে। এনে ধৰণৰ সমস্যাৰ পৰা হাত সাৰিবলৈ যিবােৰ বিষয়ত গুৰুত্ব প্রদান কৰিব লাগে সেইবােৰ উল্লেখ কৰা হ’ল।
নিদ্রাহীনতাৰ সমস্যাত ভুগিলে সহজেই বলি ৰেখাৰ সমস্যাৰ সৃষ্টি হয়। চিকিৎসকৰ মতে এগৰাকী ব্যক্তি সু-স্বাস্থ্যৰ অধিকাৰী হ’বলৈ যিবােৰ উপাদান প্রয়ােজন সেইবােৰৰ ভিতৰত অন্যতম হ’ল নিতৌ আঠ ঘণ্টাকৈ শােৱা। টোপনি কম হলে অথবা নিশা সঘনাই টোপনি ভাঙি যােৱা আদিৰ বাবেও এনে হ’ব পাৰে। কেতিয়া গাৰুত মুখখন থেচি থাকিলে ছালখনৰ কলাজেনৰ ক্ষতি হ’ব পাৰে। তদুপৰি যেতিয়া ছালৰ স্থিতিস্থাপকতা নােহােৱা হয় তেতিয়া বলি ৰেখা স্থায়ী হৈ পৰে। সেই বাবে টোপনিৰ লগতে শােৱা গাৰুটোও ভাল হ’ব লাগিব।
বহুতাে লােকৰ বলিৰেখা পৰাৰ অন্যতম কাৰণ হ’ল বলিৰেখা। কিছুমানে বিৰক্তিৰ বাবে সঘনাই জ কোঁচাই থাকে। এনে কৰি থাকিলে কপালত সহজেই বলিৰেখা পৰাৰ আশংকা থাকে। ইয়াৰ পৰিৱর্তে যিসকল লােকে সদায় হাঁহি মুখে থাকে তেওঁলােকৰ কমকৈ বালি ৰেখা পৰে। সেই বাবে যিমান সম্ভৱ সিমানেই মনটো শান্ত ৰাখি কথােপকথন হ’ব লাগে।






























