Health Tips:দৈনিক ৰাতিপুৱা এগিলাচ তিয়াই থোৱা ইলাচী পানী সেৱন কৰক, কমিব বহুত অসুখ

cardamom water

ওজন হ্ৰাস ৰ পৰা ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰালৈকে ইলাচী যথেষ্ট উপকাৰী । ৰন্ধনত ইলাচীৰ দিলে বিভিন্ন ধৰণৰ পুষ্টিগুন শৰীৰত পোৱা যায়। কিন্তু ইলাচীৰ গুণ আৰু অধিক মাত্ৰাত পোৱাটো সম্ভৱ ।প্ৰতিদিনে ৰাতিপুৱা খালি পেটত এগিলাচ তিয়াই থোৱা ইলাচী পানী খালে যথেষ্ট লাভৱান হয়।

প্ৰতিদিনে এগিলাচ ইলাচী পানী খালে কি হয় ? শৰীৰৰ কি কি উপকাৰ হয় ?

★ প্ৰতি ৰাতিপুৱা এগিলাচ তিয়াই থোৱা ইলাচী খালে ৰক্তচাপ নিয়ন্ত্ৰণত থাকে । উচ্চ ৰক্তচাপৰ সমস্যা থকা সকলে প্ৰতিদিনে এই পানীয় খালে উপকৃত হ’ব পাৰে।

★ইলাচীৰ পানীয়ে তেজ গোট মৰাৰ সমস্যাও হ্ৰাস কৰিব পাৰে। এই উপাদানটোৱে ৰক্ত সঞ্চালনৰ গতিও বৃদ্ধি কৰে।

★ শৰীৰৰ পৰা দূষিত পদাৰ্থ আঁতৰ কৰে এই পানীয়ই । ইয়াৰ ফলত ওজন হ্ৰাস হয়। আনকি ছালৰো অধিক মাত্ৰাত উপকাৰ হয় ।কম বয়সত যিসকলৰ ছালত বয়সৰ ছাপ পৰে, তেওঁলোকে নিয়মীয়াকৈ ৰাতিপুৱা খালী পেটত এই পানী খালে, ছাল ভালে থাকে ।

★ দাঁতৰ গুৰিৰ বিভিন্নধৰণৰ সংক্ৰমণও হ্ৰাস কৰে এই পানীয়ই।

কেনেদৰে তৈয়াৰ কৰিব এই ইলাচীৰ পানীয় ?

প্ৰত্যেকদিনে দিনে শোৱাৰ পূৰ্বে এগিলাচ পানীত সাত বা আঠটা ইলাচীৰ গুটি তিয়াই ৰাখক। ৰাতিপুৱা উঠি এই পানীখিনি চেকি লৈ খালী পেটত সেৱন কৰক ।

Exit mobile version