ঘৰতে বহি লাভ কৰক দুচকীয়া বাহনৰ বাবে ঋণ

Two Wheeler Loan IndusInd Bank

নিজাকৈ চাৰিচকীয়া বাহন এখন কিনাটো বহুতৰ বাবে সপোন । কিন্তু কেতিয়াবা ধনৰ সমস্যাৰ বাবে দুচকীয়া এখন কিনাৰ সপোন পূৰণ নহয় । নিম্ন মধ্যবিত্ত পৰিয়ালৰ সদস্য এজনে স্কুটী বা বাইক এখন কিনাৰ বাবে কিমান কষ্ট কৰি প‌ইচা গোটাবলগীয়া হয় সেয়া ধনীচামৰ বাবে উপলব্ধি কৰাটোও কঠিন । দুচকীয়া ক্ৰয়ৰ সপোন যাতে সকলোৰে পূৰণ হয় তাৰ বাবে দেশৰ সৰ্ববৃহৎ চৰকাৰী বেংক ভাৰতীয় ষ্টেট বেংকে (এছবিআই) শেহতীয়াকৈ এক বিশেষ অফাৰ আগবঢ়াইছে । বেংকটোৰ দ্বাৰা দুচকীয়া বাহন ক্ৰয় কৰাৰ বাবে আগ্ৰহীসকলক বিশেষ ঋণ আগবঢ়াই থকা হৈছে । এই ঋণ ল’লে উপভোক্তাই প্ৰতি এহেজাৰ টকাত ২৫৬ টকাকৈ ইএম‌আই ভৰিব লাগিব ।

এছবিআইৰ তৰফৰ পৰা সদৰী কৰা তথ্য মতে, এই ঋণ এছবিআইৰ য়’ন’ এপৰ মাধ্যমেদি অতি সহজতে ঘৰত বহিয়েই আবেদন কৰিব পাৰি । অৰ্থাৎ, যদি আপোনাৰ এছবিআই একাউণ্ট আছে তেন্তে আপুনি আপোনাৰ হাতত থকা স্মাৰ্টফোনটোৰ মাধ্যমেদিয়েই ঋণৰ বাবে আবেদন কৰিব পাৰিব । এছবিআইৰ এই বিশেষ আঁচনিৰ জৰিয়তে লাভ কৰিব পৰা ঋণৰাশিৰ পৰিমাণ দুচকীয়াখনৰ মূল্যৰ ওপৰত নিৰ্ভৰ কৰিব ।

এই ঋণৰ বিশেষ বিশেষত্বসমূহ

এজন এছবিআই গ্ৰাহকে এই অফাৰটোৰ আওতাত তিনি লাখ টকালৈকে ঋণ ল’ব পাৰে । ঋণৰ ম্যাদ ৪৮ মাহ । আনহাতে এনে ঋণৰ সুতৰ হাৰ বাৰ্ষিক ১০.৫০ শতাংশ । এছবিআইৰ এই আঁচনিত বাহনখনৰ অন-ৰোড মূল্যৰ ৮৫ শতাংশ ঋণ হিচাপে পোৱা যায় । এই ঋণৰ বাবে 24×7 YONO এপৰ জৰিয়তে আবেদন কৰিব পাৰিব । ইয়াৰ বাবে আনকি এছবিআইৰ কোনো শাখালৈ যোৱাৰো প্ৰয়োজন নহয় ।

মন কৰিবলগীয়া যে এই ঋণৰাশি ডিলাৰৰ একাউণ্টত পোনপটীয়াকৈ জমা কৰা হ’ব বেংকৰ তৰফৰ পৰা । অৱশ্যে, বেংকে কিছুমান নিৰ্বাচিত গ্ৰাহকৰ বাবেহে সম্প্ৰতি এই প্ৰস্তাৱ আগবঢ়াইছে ।

আপুনি এই আঁচনিখনৰ সুবিধা পাব নে নাই কেনেদৰে জানিব ?

ইয়াৰ বাবে আপুনি আপোনাৰ ফোনৰ টেক্সট্ মেচেজ লিখাৰ অপছনলৈ গৈ পিছ 2 ডব্লিউ<Space><এছবিআই জমা একাউণ্টৰ অন্তিম চাৰিটা নম্বৰ লিখিব লাগিব । তাৰ পাছত এই বাৰ্তাটো ৫৬৭৬৭৬ নম্বৰলৈ প্ৰেৰণ কৰিব লাগিব । যদি আপুনি ঋণৰ বাবে উপযুক্ত বা যোগ্য হয় তেন্তে আপোনালৈ এছবিআইৰ তৰফৰ পৰা বাৰ্তা প্ৰেৰণ কৰি যোগাযোগ কৰা হ’ব ।

কেনেদৰে আবেদন কৰিব ?

Exit mobile version