ছালৰ বাবে উপকাৰী এই তিনিবিধ ফল

Benefits Of Orange Peel For Skin

কমলা

★শীতকালীন ফল কমলাৰ বাকলিও ভিটামিন চি, কেলচিয়াম, মেগনেচিয়াম, পটাচিয়ামকে ধৰি বহুকেইবিধ আৱশ্যকীয় উপাদানেৰে ভৰপূৰ ৷

★কমলাৰ বাকলিত থকা চাইড্রিক এচিডে ছালৰ ৰং প্রাকৃতিকভাৱে উজ্জ্বল কৰি তোলে ৷

★ছালৰ অতিৰিক্ত তেল শুহি লোৱাত কমলাৰ বাকলিয়ে সহায় কৰে ৷

★কমলাৰ বাকলিত থকা কেলচিয়ামে ছালৰ মৃতকোষ দূৰ কৰি ছালখন পৰিষ্কাৰ কৰি ৰাখে ৷

★কমলা বাকলিৰ মেগনেচিয়ামে ছালৰ সুস্বাস্থ্য লগতে যৌৱন ধৰি ৰখাত সহায়ক।

আনাৰস

★আনাৰসৰ বাকলি ছালত লাহেকৈ ঘঁহি কিছুপৰৰ বাবে ৰাখি ধুই পেলাব ৷

★আনাৰসৰ বাকলিয়ে ছালৰ আর্দ্র ভাব বজাই ৰখাত সহায় কৰে ৷

★ছালৰ এক্নি আৰু শালমইনা দূৰ কৰাত সহায় কৰে আনাৰসৰ বাকলিয়ে ৷

★ছাল পোৰা ঠাইত আনাৰসৰ বাকলি লগাই দিলে আৰাম পোৱা যায় ৷

তৰমুজ

★গ্রীষ্মকালীন ফল হিচাপে তৰমুজৰ যথেষ্ট সমাদৰ আছে৷ তৰমুজৰ বাকলিৰ উপকাৰিতাৰ বিষয়ে বেছিভাগ মানুহেই অজ্ঞাত৷ তৰমুজৰ বাকলি অলপ সময় ফ্রীজত ৰাখি মুখত ঘঁহিলে ছাল উজ্বল হয় ৷

★ধূলি আৰু প্রদূষণে মুখমণ্ডলৰ ছালৰ নোমৰ গুৰিৰ ছিদ্রসমূহ বন্ধ কৰি দিয়ে৷ ফলত ছালখনে উজ্জ্বলতা হেৰুৱাই দেখাত নির্জীৱ হৈ পৰে৷ তৰমুজৰ বাকলি নিয়মীয়াকৈ ছালত লগালে ছালখন পৰিষ্কাৰ হৈ থাকে আৰু ছালৰ আর্দ্রতা বর্তি থাকে ৷

★ছালৰ বলিৰেখা, কলা চোম আৰু কলা দাগ নির্মূল কৰে তৰমুজৰ বাকলিয়ে।

Exit mobile version