হাঁহিলেও প্ৰতিৰোধ হয় ৰোগ

elderly woman swing mouth agape glee husband behind

চিকিৎসকৰ পৰামর্শ গ্রহণ কৰে যদিও উপযুক্তভাৱে ঔষধ সেৱন নকৰে। কিছুমানে আকৌ ঔষধ সেৱন কৰে যদিও সমান্তৰালভাৱে নাখাবলগীয়া খাদ্য গ্রহণৰ লগতে শৃংখলহীন জীৱন-যাপন কৰে।

তেওঁলােকৰ মানসিক প্রশান্তি নাই বুলি ক’লেও ভুল নহ’ব। পিছে তেওঁলােকে এইটো বুজি নাপায় যে কর্মব্যস্ততাৰ মাজতাে হাঁহিব জানিলে এনেধৰণৰ ৰােগৰ পৰা হাত সাৰিব পাৰি। হাঁহিবলৈ অতিৰিক্ত সময়ৰ প্ৰয়ােজন নাই।কর্ম ব্যস্ততাৰ মাজতাে কোনাে কথাক লৈ যদি বন্ধু-বান্ধৱী অথবা সহকর্মীৰ স’তে কথােপকথন হয় তেতিয়াহ’লে মানসিক চাপাে হ্রাস পাব।

যিমানেই মানসিক চাপমুক্ত হৈ থাকিব সিমানেই উচ্চৰক্তচাপ, ডায়েবেটিছ, হৃদৰােগ আদিৰ পৰা বহু পৰিমাণে হাত সাৰিব পাৰি। প্ৰায়ভাগ পৰিয়ালত এতিয়া সকলাে সদস্যই এদিন একেলগে বহি হাঁহি-ধেমালি কৰাৰ সময় নােহােৱা হৈছে।

যিমানেই সময় নােহােৱা হৈছে সিমানেই প্রতিটো পৰিয়ালৰে জীৱনশৈলীজনিত ৰােগৰ প্রকোপ বৃদ্ধি পায়। আটাইতকৈ গুৰুতৰ সমস্যাটো হ’ল প্ৰতিটো পৰিয়ালতে এতিয়া কিবা নহয় কিবা বিষয়ক লৈ মানসিক সমস্যাত ভােগা একো একোজন সদস্য থকাটো প্ৰায়ভাগ পৰিয়ালে এনেধৰণৰ বিষয় গাপ দিবলৈ চেষ্টা কৰা বাবে মানসিক ৰােগীৰ সংখ্যা বৃদ্ধি হৈছে।

তেতিয়া কম বয়সীয়া ল’ৰা-ছােৱালীও মানসিক ৰােগী হােৱা বাবে পৰিয়াল, সমাজ তথা দেশলৈ আশংকা কঢ়িয়াই আনিছে। অতিসম্প্রতি বিশ্ব স্বাস্থ্য
সংস্থায়াে বিষয়টোত গুৰুত্ব প্রদান কৰিছে। ২০১৯ত বিশ্ব স্বাস্থ্য সংস্থাই মানসিক স্বাস্থ্য সম্পর্কীয় কিছুমান বিশেষ অধ্যয়ন আৰম্ভ কৰিছে।

১২খন দেশৰ এশ নিযুত লােকৰ মানসিক সমস্যা হ’লে সমস্যাৰ পৰা মুক্তি পাবলৈ কেনেধৰণৰ পদক্ষেপ ল’ব লাগিব আৰু জীৱন ধাৰণৰ মানৰ ওপৰত অধ্যয়ন চলাইছে। ২০১৮ত বিশ্বত ৯৭০ নিযুত লােক বিভিন্ন ধৰণে মানসিক সমস্যাত আক্রান্ত হােৱা বুলি বিশ্ব স্বাস্থ্য সংস্থাৰ তথ্যত প্রকাশ পাইছে।

ইয়াৰ ভিতৰত ২৮০ নিযুত লােক উৎকণ্ঠাজনিত সমস্যাত ভােগে। বিশ্ব স্বাস্থ্য সংস্থাই এইসকল লােকৰ ওপৰত অধ্যয়ন কৰি এই বুলি মন্তব্য কৰিছে যে প্ৰায়ভাগ লােকেই মুকলিভাৱে কথােপকথন আৰু হাঁহিবলৈ সময় নােপােৱা বাবেই এনে ধৰণৰ মানসিক সমস্যাত ভুগিছে।

সাধাৰণ দৃষ্টিকোণৰ পৰা বিশ্লেষণ কৰিলেও এটা কথা স্পষ্ট হৈ পৰে যে যিসকল লােকে হাঁহিব জানে তেওঁলােকৰ বেমাৰ-আজাৰ কম। সাধাৰণতে মন মাৰি থকা লােকসকলৰ মানসিক সমস্যা বেছি। যিমানেই মানসিক সমস্যা বৃদ্ধি পাব সিমানেই শাৰীৰিক ৰােগেও গা কৰি উঠিবলৈ এখন উপযুক্ত ক্ষেত্র লাভ কৰে।

হাঁহিলে মানসিক চাপৰ পৰা বহু পৰিমাণে মুক্তি লাভ কৰিব পাৰি। “স্ট্রছ হৰম’ন’ হ্রাস কৰে। তদুপৰি হাঁহিলে ৰােগ প্ৰতিৰােধী কোষ আদিৰ ক্ষমতা আৰু কার্যকৰিতা বৃদ্ধি পায়। তদুপৰি সংক্ৰমণকাৰীৰ বিৰুদ্ধে এন্টিবডিৰাে সৃষ্টি হয়।

‘এণ্ডৰফিনছ’ নিঃসৰণ হােৱা বাবে শৰীৰটো সতেজ অনুভৱ কৰে। এইবিধ ৰাসায়নিকে শৰীৰৰ বহুতাে বিষ আদিৰাে প্রতিৰােধ কৰে। যিমানেই হাঁহিব সিমানেই উচ্চৰক্তচাপ নিয়ন্ত্রণ কৰাৰ লগতে হৃদযন্ত্ৰৰ কার্যক্ষমতাও বৃদ্ধি কৰে।

পৰিয়ালৰ লােকসকলে যদি দিনটোৰ ভিতৰত এবাৰ হলেও একেলগে বহি মনৰ কথাবােৰ ইজনে-সিজনক কয় তেতিয়াও বহুতাে ৰােগৰ পৰা হাত সাৰিব পাৰি। সেয়েহে ৰােগ প্ৰতিৰােধৰ বাবে হলেও সকলােৱে হাঁহিবলৈ চেষ্টা কৰা উচিত।

Exit mobile version