ৰক্তচাপ নিয়ন্ত্ৰণ কৰিবলৈ প্ৰয়োজন প্রাতঃভ্রমণ

l158 7831532411467

প্ৰায়ভাগ লােকৰে প্রাতঃভ্রমণ কৰাটো অভ্যাস। অৱশ্যে পুৱাৰে পৰা যিসকল লােকে কর্ম ব্যস্ত হৈ থাকিব লাগে তেওঁলােকে সান্ধ্য ভ্ৰমণ কৰাও দেখা যায়। আন একাংশই আকৌ পুৱা গধূলি দুয়ােবেলাই ভ্ৰমণ কৰে।

স্বাস্থ্য ৰক্ষাৰ বাবে যিবােৰ উপাদানৰ প্রয়ােজন সেইবােৰৰ ভিতৰত প্রাতঃভ্রমণ অন্যতম। সাধাৰণতে প্রাতঃভ্রমণ অন্য সময়ৰ ভ্ৰমণতকৈ উপকাৰী বুলি কোৱা হয়। কিয়নাে পুৱা উঠিয়েই যদি শৰীৰটোক দিনটোৰ বাবে কার্যক্ষম কৰি তােলা হয় তেতিয়াহ’লে দিনটোৰ সকলাে কামেই সুকলমে সম্পন্ন কৰিব পাৰি সাধাৰণতে পুৱাৰ কোমল ৰ’দৰ পৰা হাড় শক্তিশালী হয় বুলি কয়।

সেই বাবেই প্ৰায়ভাগ লােকেই প্রাতঃভ্রমণলৈ ওলায়। প্রাতঃভ্রমণ কৰিলে দিনটোৰ বাবে শৰীৰ-মন সতেজ হৈ থাকে। শৰীৰ-মন সতেজ হৈ থাকিলে যিকোনাে কামে চাপবিহীনভাৱে সম্পন্ন কৰিব পাৰি। সেইবাবে পৰাপক্ষত প্রাতঃভ্রমণ কৰিবলৈ চেষ্টা কৰা উচিত।

প্রাতঃভ্রমণ কৰিলে দিনটোৰ বাবে শৰীৰ-মন সতেজ হােৱাৰ সমান্তৰালকৈ বিভিন্ন ধৰণৰ ৰােগ প্ৰতিৰােধতাে সহায়ক। প্রাতঃভ্রমণলৈ ওলােৱাৰ পাছত মনটো পাতল হােৱাৰ সমান্তৰালভাৱে পুৱাৰ বিশুদ্ধ বায়ুও শৰীৰে লাভ কৰে।

বিশেষকৈ চহৰাঞ্চলত বসবাস কৰা লােকসকলৰ বাবে এয়া অতিকৈ গুৰুত্বপূর্ণ বিষয়। আজিকালি ফ্লেট বা অট্টালিকাত থকা লােকেৰেই ভৰি পৰিছে চহৰ-নগৰ আদি। সেই বাবে মুকলি ঠাইত ঘূৰিবলৈকে স্থানৰ অভাৱ ঘটিছে। প্রাতঃভ্রমণ হ’ল দিনটোৰ বাবে শৰীৰৰ আশীর্বাদ স্বৰূপ।

সৰুৰে পৰাই ল’ৰা- ছােৱালীক এনে অভ্যাস গঢ়ি তুলিব লাগে। এনে কৰিলে সু-স্বাস্থ্যৰাে অধিকাৰী হ’ব পাৰি। তদুপৰি দিনটো কামৰ বাবে বেছি শক্তি লাভ কৰা যায় মানসিকভাৱে। প্রাতঃভ্রমণৰ স’তে মনৰ সম্পর্ক আছে।

দিনটোৰ আৰম্ভণি যদি পলমকৈ হয় তেতিয়াহ’লে ইয়াৰ প্ৰভাৱ দৈনন্দিন জীৱনৰ কাম-কাজতাে পৰা দেখা যায়। দৈনন্দিন ব্যস্ততাৰ মাজতাে সকলাে প্রাতঃভ্রমণ কৰিবলৈ চেষ্টা কৰা উচিত।

★ নিয়মীয়াকৈ প্রাতঃভ্রমণ কৰিলে ৰােগ প্ৰতিৰােধ ক্ষমতা বৃদ্ধি পায়।গৱেষকসকলে এই বুলি মন্তব্য আগবঢ়াইছে যে যিসকল লােকে নিয়মীয়াকৈ খােজ কাঢ়ে তেওঁলােকে চর্দি, ফ্লু আদিৰ পৰা ফ্লু হাত সাৰিব পাৰে। অর্থাৎ এইবােৰৰ বিৰুদ্ধে যুঁজ দিব পৰা ক্ষমতা বৃদ্ধি পায়। গৱেষকসকলৰ মতে সপ্তাহত কমেও পাঁচদিন ২০ মিনিটকৈ খােজ কাঢ়িলেও উপকাৰ পােৱা যায়, এনে কৰিলে ৪৩ শতাংশ ৰােগৰ আশংকা হ্রাস পায়।

★ প্রাতঃভ্রমণৰ ফলত হৃদস্পন্দন বৃদ্ধি পায়। হৃদস্পন্দন স্বাভাৱিক হােৱা মানে ৰক্তচাপ হ্রাস পাবলৈ ধৰে। নিতৌ দুই মাইল পথ অতিক্রমিলে খােজ ষ্ট্রোকত আক্রান্ত হােৱাৰ আশংকা হ্রাস পায়।

★ নিয়মীয়াকৈ খােজ কঢ়াৰ ফলত ভৰিৰ গাঁঠি আদিৰ কার্যক্ষমতা স্বাভাৱিক হৈ থাকে। এনেদৰে পুৱাই খােজ কঢ়াৰ ফলত গাঁঠিসমূহৰ ফ্লুইড আদি স্বাভাৱিক হৈ থাকিব পাৰে। যেতিয়া পুষ্টি আৰু আৰু অক্সিজেন গাঁঠিলৈ স্বাভাৱিকভাৱে সৰবৰাহ হৈ থাকে বাবে গাঁঠিসমূহৰ কার্যক্ষমতা বৃদ্ধি পায়।

★ প্রাতঃভ্রমণ কৰিলে ভৰি আৰু পেটৰ পেশীসমূহ শক্তিশালী হয়। শক্তিশালী পেশীয়ে শৰীৰক দিনটোৰ বাবে স্বাভাৱিকভাৱে কার্য সম্পাদন কৰাত সহায় কৰে।

★ যিসকল লােকে পুৱাই ভ্রমণলৈ ওলাই তেওঁলােকৰ মস্তিষ্কৰ কার্য ক্ষমতা বৃদ্ধি পায়। মনটোত প্রশান্তিৰ সৃষ্টি কৰিব পাৰে।

★ নিয়মীয়াকৈ পুৱা খােজ কঢ়াৰ ফলত মানসিক স্বাস্থ্যৰাে উন্নতি ঘটায়। পুৱাই মনটো সুস্থ হৈ থাকিবলৈ চালিকাশক্তি লাভ কৰে।

★ শেহতীয়াভাৱে গৱেষকসকলে এই বুলি মন্তব্য আগবঢ়াইছে যে পুৱাই খােজ কাঢ়িলে এলঝেইমাৰৰ ৰােগ প্রতিৰােধ হয়।

Exit mobile version