Amazon : ফিউচাৰ গ্রুপৰ স’তে চুক্তিত অনিয়ম, এমেজন ইণ্ডিয়াৰ প্রধানক তলব ইডি-ৰ

amazon reuters121

ফিউচাৰ গ্রুপৰ স’তে চুক্তিত অনিয়ম সংক্রান্ত অভিযোগত এমেজন ইণ্ডিয়াৰ প্রধান অমিত আগৰৱালক তলব কৰিলে এনফোর্চমেন্ট ডিৰেক্টৰেট (ইডি)য়ে । ২০১৯ত এমেজনৰ স’তে ফিউচাৰ ৰিটেলৰ ১,৪০০ কোটি টকাৰ এটা চুক্তি হয় । এই চুক্তিত বৈদেশিক মুদ্রা ব্যৱস্থাপনা আইন (ফেমা) লংঘিত হৈছে, মূলতঃ এই অভিযাগতেই এমেজন ইণ্ডিয়াৰ প্রধানক তলব কৰা হৈছে ।

ভাৰততত বিদেশী মুদ্রা লেনদেনৰ ক্ষেত্রত ফেমা আইন অনুযায়ী বেছ কিছু নিয়ম মানিব লাগিব । কিন্তু, ফিউচাৰ গ্রুপৰ স’তে চুক্তিত এমেজনে সেই আইন-লংঘণ কৰিছে । চলিত বৰ্ষৰ জানুৱাৰীত দেশৰ অন্যতম বৃহৎ ই-কমার্চ সংস্থাৰ বিৰুদ্ধে এই অনিয়ম সংক্রান্ত অভিযোগ উত্থাপিত হৈছে ।

ফিউচাৰ গ্রুপক কেন্দ্র কৰি এমেজন আৰু মুকেশ অম্বানিৰ সংস্থা ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজ লিমিটেডৰ এটা গোচৰৰ পৰিপ্রেক্ষিতত দিল্লী উচ্চ ন্যায়ালয়ে এই বিষয়টো পর্যবেক্ষণ কৰে । ইয়াৰ পাছতেই তদন্ত আৰম্ভ কৰে ইডি-য়ে ।

উচ্চ ন্যায়ালয়ে তাৰ পর্যবেক্ষণত জনায়, এমেজন ইণ্ডিয়াৰ স’তে যি তিনিটা চুক্তিৰ ফিউচাৰ ৰিটেল নিয়ন্ত্রণত ল’বলগীয়া আছিল, সেইসমূহৰ ক্ষেত্রত ভাৰত চৰকাৰৰ কোনো অনুমতি লোৱা নাই । ফলত ফেমা আৰু প্রত্যক্ষ বিদেশী বিনিয়োগ আইন (এফডিআই) লংঘিত হৈছে ।

মুকেশ অম্বানিৰ সংস্থাই কিছুদিন ধৰি ফিউচাৰ ৰিটেলক অধিগ্রহণৰ চেষ্টা চালাইছে । আনহাতে, এমেজনেও দেশব্যাপী এই খুচৰা ব্যৱসায়ী সংস্থাক নিজৰ নিয়ন্ত্রণত আনিব বিচাৰিছে । বিষয়টো সম্পৰ্কত দুপক্ষৰ যুঁজ আদালত পর্যন্ত পাইছে ।

Exit mobile version