Omicron : অ’মিক্র’নক ৰোধ কৰিবলৈ কি কৰা উচিত কি নহয়, চৰকাৰক ১৫টা কাৰ্যৰ তালিকা বিশেষজ্ঞৰ

977954 omicron news

কৰ’না ভাইৰাছৰ নতুন ৰূপ ‘অ’মিক্র’ন’ৰ সংক্রমণ ৰোধ কৰিবলৈ দক্ষিণ আফ্রিকা আৰু বৎছোয়ানাৰ পৰা চলাচল নিষিদ্ধ কৰিছে বহু দেশে । অন্যান্য দেশেও হয়তো সেই পথ অৱলম্বন কৰিব পাৰে, যিহেতু প্রাথমিকভাৱে এই দুয়োখন দেশতেই ক’ভিড ৰোগীসকলৰ শৰীৰত ভাইৰাছৰ নতুন ৰূপৰ অধিক সংক্রমণ ঘটা দেখা গৈছে ।

কিন্তু বিশেষজ্ঞসকলৰ একাংশৰ বক্তব্য, কেৱল এই দুখন দেশৰ বাবে সীমান্ত বন্ধ কৰিলেই অ’মিক্র’ন সমস্যা সমাধান নহয় আৰু বহু কাম কৰিব লাগিব । তাৰ বাবে কেন্দ্রীয় চৰকাৰে কিছুমান নীতি ঘোষণা কৰিব পাৰে ।

বিশেষজ্ঞসকলে জনাইছে, কেন্দ্রীয় চৰকাৰে কি কি কৰিব লাগিব সেইটো অবিলম্বে চূড়ান্ত কৰিব লাগিব । ইয়াৰ উপৰি আগতেই ভাবি ল’ব লাগিব কি কি কৰা উচিত নহ’ব ।

তেওঁলোকৰ মতে, অ’মিক্র’নৰ সংক্রমণ ৰোধ কৰিবলৈ কেন্দ্রীয় চৰকাৰে সম্প্ৰতি ১০টা কাম কৰিব লাগিব । পাঁচটা কাম সম্পৰ্কে অতি সতর্ক হ’ব লাগিব ।

বিশেষজ্ঞসকলৰ মতে, সম্প্ৰতি কেৱল ঘৰুৱা সমাৱেশৰ ওপৰতেই নিষেধাজ্ঞা জাৰি কৰা উচিত কেন্দ্রীয় চৰকাৰে । দেশৰ সর্বত্র প্রকাশ্য সমাৱেশত নিষেধাজ্ঞা জাৰি কৰাই সুফল নিদিব । ফলত দেশৰ অর্থনীতিৰ ক্ষতি হ’ব । সেয়া পূৰ্বৰ তিনিটা তৰংগত দক্ষিণ আফ্রিকাত হৈছে ।

অভ্যন্তৰীণ আৰু আন্তর্জাতিক উৰানো বন্ধ কৰি দিয়া উচিত নহ’ব বুলি জনাইছে বিশেষজ্ঞসকলে । পূৰ্বৰ অভিজ্ঞতাত দেখা গৈছে দেশত উৰানৰ ওপৰত নিষেধাজ্ঞা জাৰি কৰি বিশ্বব্যাপী কৰ’না সংক্রমণৰ গতি ৰোধ কৰিব নোৱাৰি । সেয়া কেৱল কোনো দ্বীপৰাষ্ট্রতে সম্ভৱ হ’ব বুলি মত তেওঁলোকৰ । সম্পূৰ্ণ নিষেধাজ্ঞা জাৰি নকৰি সেই ক্ষেত্রত কোনো ৰাজ্য বা দেশৰ পৰা ওলোৱা আৰু কোনো ৰাজ্য বা দেশত প্ৰৱেশ কৰাৰ সময়ত বিমানযাত্রীসকলৰ পৰীক্ষা কৰা ব্যৱস্থাক আৰু শক্তিশালী কৰি তোলা উচিত চৰকাৰৰ ।

এনে কোনো নীতি ঘোষণা কৰা উচিত নহয় যিটো চৰকাৰে শিথিল কৰিব নোৱাৰে । যথা সম্ভৱ শীঘ্ৰে জনসাধাৰণক প্ৰতিষেধকৰ দুটা পালি দিয়াত গুৰুত্ব দিব লাগিব । সংক্রমণৰ মাধ্যমত দেশৰ জনসাধাৰণৰ সার্বিক স্বাভাৱিক প্রতিৰোধ ক্ষমতা (হার্ড ইমিউনিটি) গঢ়ি উঠিব এই ধাৰণাৰ পৰাও চৰকাৰে যিমান সোনকালে সম্ভৱ ওলাই অহা উচিত ।

সম্প্ৰতি চৰকাৰৰ কি কি কৰনীয় তাৰো ১০টা পৰামর্শ দিছে বিশেষজ্ঞসকলে ।

তাৰ ভিতৰত অন্যতম — নতুন সংক্রমণৰ বিৰুদ্ধে যুঁজ দিবলৈ দেশৰ হাস্পাতালসমূহৰ শয্যা সংখ্যা পর্যাপ্ত হয় নে নহয় আগতেই নীৰিক্ষণ কৰিব লাগিব । সকলোকে প্ৰতিষেধকৰ দুটা পালি দিয়া । দেশৰ সকলো ৰাজ্যত চলাচলৰ বাবে টিকা পাছপ’র্ট আৰম্ভ কৰা । যিসকলে টিকা ল’ব নিবিচাৰে বা কোনো কাৰণত টিকা নলয় তেওঁলোকক যিকোনো প্ৰকাৰে বুজাই টিকা দিয়া । বুষ্টাৰ টিকা দিয়া । টিকাকৰণৰ বিষয়ত স্বাস্থ্যকর্মীসকলৰ সচেতনতা বৃদ্ধি কৰা । প্রতিখন ৰাজ্যৰ চৰকাৰী আৰু বেচৰকাৰী হাস্পাতালসমূহত সম্ভাব্য ক’ভিড ৰোগীসকলৰ বাবে শয্যা আছে নে নাই পৰ্যবেক্ষণ কৰা । পূৰ্বৰ তৰংগসমূহত কৰা ভুলৰ পৰা শিক্ষা লোৱা আৰু ৰাজনীতিৰ ঊর্ধ্বত উঠি বিজ্ঞানকেই প্রাধান্য দিয়া । এই ভাইৰাছৰ স’তেই যে আমি বহু বছৰলৈকে জীয়াই থাকিব লাগিব তাৰ বাবে প্রস্তুতি কৰা ।

Exit mobile version