Salman Khan : অনুগামীসকলৰ ওপৰত ক্ষুব্ধ ছলমান, কঠোৰ বার্তা ভাইজানৰ

salman khan

শেহতীয়াকৈ মুক্তি পাইছে ছলমান খানৰ ছবি ‘অন্তিম, দ্য ফাইনেল ট্রুথ’ । এয়ে প্রথমবাৰ একলগে অভিনয় কৰিছে ছলমান খান আৰু তেওঁৰ ভনী জোঁৱাই আয়ুষ শর্মাই । দুদিনতেই এই ছবিৰ বক্স অফিচ কালেকছন প্রায় ১০ কোটি টকা । দীৰ্ঘ সময়ৰ পাছত মুক্তি পাইছে ছলমাৰ ছবি । সেয়ে এই ছবিক লৈ অনুগামীসকলৰ উন্মাদনাও অধিক । ছবি মুক্তি পোৱাৰ পাছত অনুগামীসকলৰ নানা কীর্তিকলাপত বিৰক্ত ছলমান । এইবাৰ অনুগামীসকলক উদ্দেশ্যি কঠোৰ বার্তা প্ৰেৰণ কৰিলে অভিনেতাজনে ।

এজন আৰক্ষী বিষয়া আৰু এজন গেংষ্টাৰৰ দ্বন্দ্বই দাঙি ধৰা হৈছে এই ছবিৰ চিত্রনাট্যত । ছবিখনত আৰক্ষী বিষয়াৰ চৰিত্রত দেখা গৈছে ছলমান খানক আৰু গেংষ্টাৰৰ চৰিত্রত অভিনয় কৰিছে আয়ুষ শর্মাই । পঞ্জাৱী চৰিত্রত অভিনয় কৰিছে ছলমানে । তেওঁৰ অন্যান্য কপ ফিল্মৰ দৰেই এই ছবিখনত একছন ভৰপুৰ । এই ছবিৰ বাবে বহু শাৰীৰিক কচৰৎ কৰিছে আয়ুষে । তেওঁৰ শেষ ছবিত তেওঁক চকলেট বয় ইমেজত দেখা গৈছিল । এইবাৰ সম্পূৰ্ণ বিপৰীত গেংষ্টাৰৰ চৰিত্রত অভিনয় কৰিছে আয়ুষে ।

ছবিখন মুক্তিৰ পাছতেই ছলমানৰ প’ষ্টাৰ গাখীৰেৰে ধোৱা এটা ভিডিঅ’ ভাইৰেল হয় সামাজিক মাধ্যমত । সেই ভিডিঅ’ দেখি অনুগামীসকলৰ ওপৰত ক্ষুব্ধ হৈ পৰে অভিনেতাজন । সামাজিক মাধ্যমত অভিনেতাজনে লিখে, ‘মানুহে পানী নাপায় আৰু আপোনালোকে গাখীৰ অপচয় কৰিছে ! যদি আপোনালোকে গাখীৰ দিয়েই, তেনেহ’লে ম‌ই অনুৰোধ কৰিছো দৰিদ্ৰ শিশুসকলক গাখীৰ দিয়ক’ । ছলমানৰ এই বার্তাত তেওঁৰ প্রশংসাত পঞ্চমুখ হৈছে নেটিজেন ।

সামাজিক মাধ্যমত ভাইৰেল হোৱা আন এটা ভিডিঅ’ত দেখা গৈছে চলচ্চিত্ৰ গৃহৰ ভিতৰতে আতচবাজী কৰিছে ছলমানৰ অনুগামীসকলে । সেই ভিডিঅ’ দেখি আতংকিত হয় ভাইজান । অনুগামীসকলক উদ্দেশ্যি তেওঁ অনুৰোধ কৰে যে, ‘দয়া কৰি অডিটৰিয়ামৰ ভিতৰত আতচবাজী নকৰিব, ইয়াৰ ফলত আপোনাৰ প্রাণহানিও হ’ব পাৰে । হল স্বত্বাধিকাৰীসকলৰ ওচৰত মোৰ অনুৰোধ কাকো যেন আতচবাজী লৈ হলৰ ভিতৰত প্ৰৱেশ কৰিবলৈ দিয়া নহয় । ম‌ই অনুগামীসকলক অনুৰোধ কৰিছো, আপোনালোকে ছবি উপভোগ কৰক কিন্তু আতচবাজী নকৰিব ।’

Exit mobile version