দিন দুপৰতে মৰিয়াই মৰিয়াই হত্যা নিৰীহ যুৱকক : গুৰুতৰভাৱে আহত দুই

কাইলৈ আছুৰ ক'লা দিৱস ঘোষণা

যোৰহাট নগৰৰ মাজমজিয়াত দিন দুপৰতে এচাম বৰ্বৰ লোকে মৰিয়াই মৰিয়াই এজন ছাত্ৰ সন্থাৰ বিষয়ববীয়াক হত্যা কৰে আৰু এই ঘটনাত এজন সাংবাদিকসহ এজন ছাত্ৰ নেতা গুৰুতৰভাৱে আহত হয় । সাংস্কৃতিক ৰাজধানী যোৰহাটৰ সন্মানক ভূ লুণ্ঠিত কৰা এক ঘটনা সংঘটিত হয় নগৰৰ মাজমজিয়াৰ নিৰ্মল চাৰি আলিত । বিয়লি প্ৰায় এক বজাত ঘটনাটো সংঘটিত হয় । নিহত যুৱকজন হ’ল গোলাঘাট জিলাৰ নিৰীহৰ ব্ৰহ্মপুত্ৰ আঞ্চলিক ছাত্ৰ সন্থাৰ শিক্ষা বিভাগৰ সম্পাদক তথা খূমটাইৰ ১ নং খকণ্ডগুৰি গাঁৱৰ নিবাসী নবীন ভূঞা আৰু বীৰ ভূঞাৰ পুত্ৰ অনিমেষ ভূঞাৰ মৃত্যু হয় ৷ গণ-প্ৰহাৰত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত আন দুজন যুৱক ক্ৰমে একে অঞ্চলৰে ব্ৰহ্মপুত্ৰ আঞ্চলিক ছাত্ৰ সন্থা উপ সভাপতি প্ৰণয় দত্ত আৰু বৈদ্যুতিন খুমটাইৰ সাংবাদিক তথা ছাত্ৰ নেতা মৃদুষ্মন্ত বৰুৱা ।

ঘটনাৰ বিবৰণি অনুসৰি, তিনিওজন যুৱকে এখন তিনিচকীয়া বাহন লৈ যোৰহাট নগৰৰ মাৰোৱাৰীপট্টিত ঘৰুৱা বজাৰ কৰিবলৈ আহিছিল । তালকৰ আসনত আছিল সাংবাদিক মৃদুষ্মন্ত । মৃত অনিমেষৰ সহপাঠী তথা মৃদুষ্মন্ত বৰুৱাই ‘দৈনিক অগ্ৰদূত’ক জনোৱা মতে, প্ৰায় ১-৩০ বাজিছিল । তিনিও আহি নিৰ্মল চাৰি আলিৰ সমীপতে থকা ট্ৰাক ষ্টেণ্ডৰ কাষতে বাহনখন ৰাখে । গাড়ীখন পার্ক কৰে দুই বন্ধু অনিমেষ আৰু প্ৰণয় দোকানলৈ খোজ লৈছিলহে মাত্ৰ । সেই সময়তে এজন বয়সস্থ লোকে এখন স্কুটি আনি তেওঁলোকৰ বাহনখনৰ ওচৰতে ৰাখে যদিও মদ্যপ অৱস্থাত থকা লোকজন মুহূৰ্ততে পৰি যায় । মানুহজন পৰি যোৱা দেখি মৃদুষ্মন্তই তেওঁক দাঙি ধৰাত মূৰৰ পৰা তেজ ওলোৱা প্ৰত্যক্ষ কৰে । তিনিও লগ লাগি বৃদ্ধজনক পানী খুৱাই শুশ্ৰূষা কৰিবলৈ লওঁতেই ঘটি গ’ল উক্ত নৃশংস ঘটনা ।

এই বুলি উল্লেখ কৰি গুৰুতৰভাৱে আহত মৃদুষ্মন্তই কয়, ‘যিজন মানুহক আমি দাঙি ধৰি সহায় কৰি আছো, তেওঁ চিঞৰিবলৈ ধৰিলে ইহঁতে মোক খুন্দিয়াই পেলাই দিলে । এই বুলি কৈ আমাক আক্ৰমণ কৰিবলৈ ধৰে । হাতৰ মুঠিত স্কুটিৰ চাবি পাত লৈ মোক আঘাত কৰে । মই কি হ’ল টলকিবই নোৱাৰিলো । মুহূৰ্ততে বহুত মানুহ গোট খাই গ’ল আৰু প্ৰায় ৫০-৬০ জন লোকে আমাক আগুৰি ধৰি উপৰ্যুপৰি চৰ-গোৰ-ঘোচাৰে আক্ৰমণ কৰিবলৈ ধৰিলে । ইপিনে, অনিমেষ লেবেজান হৈ পৰিছে । তাৰ পাছতো তাক চোঁচৰাই চোঁচৰাই মাৰিয়ে আছে । মই বচাবলৈ গৈয়ো ৰক্ষা কৰিব নোৱাৰিলো । এটা সময়ত আমি নিৰ্মল চাৰি আলিৰ ট্ৰেফিক পুলিচ কেইজনৰ সহায় ভিক্ষা কৰি তেওঁলোকক সাৱটি ধৰিলোগৈ । তাৰ পাছতো আমাক আক্ৰমণ কৰিবলৈ নেৰিলে । পুলিচেও আমাক সিহঁতৰ পৰা ৰক্ষা কৰিব নোৱাৰিলে ।’

দুখত ভাঙি পৰা মৃদুষ্মন্তই কান্দি কান্দি কয়, ‘দুই এজন লোকে আমাৰ হৈ মাত মাতিছিল যদিও বেছি ভাগ লোকে আমাক অপৰাধী সজাই দূৰৰ পৰা ৰংহে চাই থাকিল। প্ৰায় ২০-২৫ মিনিট আমাক আক্ৰমণ কৰিয়ে থাকিল । মাৰি মাৰি নিৰ্মল চাৰিআলি পোৱালেহি, তাতে তিনিজন ট্ৰেফিক পুলিচে এখন অট’ত উঠাই আঁতৰাই নিবলৈ চেষ্টা কৰে যদিও তাতো আমি ৰক্ষা পৰা নাছিলো ।’

ইপিনে আৰক্ষীয়ে জনোৱা মতে, অট’ত উঠিয়ে গাড়ীৰ মজিয়াত বেহুচ হৈ পৰি যায় গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত অনিমেষ ভূঞা । পাছত তিনিওকে যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ নিয়া হয় যদিও অনিমেষক চিকিৎসকে মৃত বুলি ঘোষণা কৰে । আনহাতে, দুই সতীৰ্থ মৃদুষ্মন্ত বৰুৱা আৰু প্ৰণয় দত্তক প্ৰাথমিক চিকিৎসাৰ অন্তত ঘৰলৈ যাব দিয়া হয় । দুয়োৱে শৰীৰৰ বিভিন্ন ঠাইত আঘাত পাইছে যদিও সম্প্ৰতি বিপদমুক্ত বুলি জনাইছে ।

উল্লেখযোগ্য যে যিজন লোকৰ বাবে এই নাৰকীয় ঘটনাৰ সূত্ৰপাত হ’ল, তেওঁ হৈছে নগৰৰ সমীপৰ বড়িগাঁৱৰ মোহন চন্দ্ৰ বৰা (৬৩) । দিন দুপৰতে মদ খাই মাতাল হৈ আহি তেওঁ ভাৰসাম্য ৰাখিব নোৱাৰি স্কুটীসহ বাগৰি পৰে । তাৰ পাছতে আৰম্ভ হয় তেওঁৰ নাটক। সহায় কৰিবলৈ যোৱা তিনি যুবকক দোষী সজাই নিজে আক্ৰমণ কৰাৰ উপৰি আনকো প্ৰৰোচিত কৰে আৰু নিজৰ দুই পুত্ৰকো মাতি আনে।  তেওঁৰ দুই পুত্ৰ ক্ৰমে নিৰজ দাস ওৰফে কুলাই ল’ৰা আৰু অকণি দাসে আহি সমগ্ৰ ঘটনাটো অধিক উত্তপ্ত কৰি তোলে । তেওঁলোক দুজনে লগত একে গাঁৱৰে আন যুৱকক মাতি আনে বুলি স্থানীয় সূত্ৰই জনাইছে ।

ছাত্ৰ সন্থাৰ প্ৰতিক্ৰিয়া

নাৰকীয় ঘটনাৰ তীব্ৰ প্ৰতিবাদ জনাই কাইলৈ আছুৱে ক’লা দিৱস ঘোষণা কৰিছে । এক বিবৃত্তিত কয় যে যোৰহাটত সংঘটিত হোৱা এনে জঘন্য কাণ্ডৰ প্ৰতিবাদত আৰু দোষীক কঠোৰ শাস্তি প্ৰদানৰ দাবীত সদৌ যোৰহাট জিলা ছাত্ৰ সন্থাই উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত কাইলৈ দিনৰ ১১ বজাৰ পৰা মুখত ক’লা কাপোৰ মাৰি এক অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰিব । ঘটনাৰ গৰিহণা দি যোৰহাট চিকিৎসা মহাবিদ্যালয় চৌহদত উপস্থিত হৈ সদৌ যোৰহাট জিলা ছাত্ৰ সন্থাৰ সভাপতি বিজয় শংকৰ বৰদলৈয়ে কয়, ‘সাংস্কৃতিক ৰাজধানী, শৈক্ষিক নগৰী, বৌদ্ধিক চিন্তা-চৰ্চাৰ প্ৰাণকেন্দ্ৰ বুলি আমি সততে ফিতাহি মাৰি থকা যোৰহাট বাসীয়ে আজি লজ্জানত হৈ শিৰ উচ্চ কৰিব পৰা নাই । আমাৰ দর্পচূৰ্ণ হ’ল । এচাম মানৱৰূপী পশু, পিশাচৰ কাৰণে যোৰহাটৰ ঐতিহ্যত কালিমা সানিলে । এইসকল পিশাচৰ কাৰণে আজি আমাৰ মুখৰ ভাষা হেৰাই যাব লগা এটা বেদনাদায়ক পৰিস্থিতিৰ সৃষ্টি হৈছে ।’

জিলা ছাত্ৰ সন্থাৰ সভাপতি বিজয় শংকৰ বৰদলৈ আৰু সাধাৰণ সম্পাদক দীপ দত্তই কয়, ‘যোৰহাট আৰক্ষীৰ ফোঁপোলা স্বৰূপ ইতিমধ্যে উদং খাই গৈছে । কিদৰে নগৰৰ মাজমজিয়াত দিনৰ পোহৰত তিনিজন যুৱকক এচাম দানৱে আক্ৰমণ কৰি এজন যুৱকক হত্যা কৰিলে এয়া অত্যন্ত দুৰ্ভাগ্যৰ বিষয় । ইতিমধ্যে এই নাৰকীয় ঘটনাৰ তদন্ত আৰু দোষীক কৰায়ত্ত কৰাৰ দাবীত জিলা ছাত্ৰ সন্থাই অসম চৰকাৰৰ মুখ্যমন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰিছে । যোৰহাট আৰক্ষীক আমি জিলা ছাত্ৰ সন্থাই ২৪ ঘণ্টাৰ সময়সীমা বান্ধি দিছো, ২৪ ঘণ্টাতকৈ যদি এক ছেকেণ্ড সময় অতিক্ৰম কৰে তেন্তে যোৰহাট সম্পূৰ্ণৰূপে স্তব্ধ কৰি দিয়া হ’ব ।’

যোৰহাট চিকিৎসা মহাবিদ্যালয় চৌহদত আছুৰ কেন্দ্ৰীয় সমিতিৰ অভিৱৰ্তন গোস্বামী, গোলাঘাট জিলা ছাত্ৰ সন্থাৰ সভাপতি নিৰঞ্জন সোণোৱালৰ নেতৃত্বত সদৌ গোলাঘাট জিলা ছাত্ৰ সন্থাৰ এটা প্ৰতিনিধি দল উপস্থিত হয় । চিকিৎসা মহাবিদ্যালয়খনত এক শোকস্তব্ধ পৰিৱেশৰ সৃষ্টি হোৱাৰ লগতে সমগ্ৰ যোৰহাটবাসীয়ে এই ঘটনাক একেমুখে গৰিহণা দিছে ।

অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, বীৰ লাচিত সেনা, কৃষক মুক্তি সংগ্ৰাম সমিতি আদি কৰি যোৰহাটৰ সকলো দল-সংগঠনে চিকিৎসা মহাবিদ্যালয়ত উপস্থিত হৈ ঘটনাটোক গৰিহণা দিয়াৰ লগতে দোষীক কৰায়ত্ত কৰি কঠোৰ শাস্তি বিহাৰ দাবী জনাইছে ।

Exit mobile version